ডিজিটেল ডেস্ক : বিশ্বৰ শীর্ষ বাছনিৰ এৰিনা ছাবালেংকাই উইম্বলডনত মহিলাৰ ছিংগলছত স্থানীয় খেলুৱৈ এমা ৰাডুকানুৰ অভিযানৰ অন্ত পেলাই শুকুৰবাৰে তৃতীয় ৰাউণ্ডৰ এখন মেচত ৭-৬, ৬-৪ ছেটত পৰাজিত কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা আন এখন মেচত চতুর্দশ বাছনিৰ এলিনা শ্বিত 'লিনাই ২৪ সংখ্যক বাছনিৰ এলিছ মার্টেনছৰ হাতত ৬-১, ৭-৬ ব্যৱধানত পৰাজিত হৈ প্রতিযোগিতাৰ পৰা বিদায় লয়। ইফালে প্রতিযোগিতাত শুকুৰবাৰে ঘটা এক অঘটনত ষষ্ঠ বাছনিৰ মেডিছন কীজে বিদায় লয়।
তৃতীয় ৰাউণ্ডৰ মেচখনত তেওঁক বিশ্বৰ ১০৪ সংখ্যক স্থানৰ খেলুৱৈ ল'ৰা ছিজমণ্ডে ৬-৩, ৬-৩ পোনপটীয়া ছেটত পৰাজিত কৰে। উল্লেখযোগ্য যে প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইতিমধ্যে ঘটা অঘটনত দ্বিতীয় বাছনিৰ কক' গাফ, তৃতীয় বাছনিৰ জেছিকা পেগুলা, চতুর্থ বাছনিৰ জেছমিন পাওলিনি আৰু পঞ্চম বাছনিৰ ঝৌ কিনৱেনে ইতিমধ্যে বিদায় লৈছে। আনহাতে পুৰুষৰ ছিংগলছত এইবাৰ কেইবাটাও অঘটন ঘটে। ১৩জন বাছনিপ্রাপ্ত খেলুৱৈয়ে প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয়।
পুৰুষৰ ছিংগলছৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা তৃতীয় ৰাউণ্ডৰ এখন খেলত দ্বিতীয় বাছনিৰ কার্লোছ আলকাৰাজে জান-নোর্ড ষ্ট্ৰাফক ৬-১, ৩-৬, ৬-৩, ৬-৪ ব্যৱধানত পৰাজিক কৰি চতুৰ্থ ৰাউণ্ডৰ পথ প্রশস্ত কৰে। শুকুৰবাৰে অনুষ্ঠিত তৃতীয় ৰাউণ্ডৰ আন দুখনৰ এখনত পঞ্চম বাছনিৰ টেইলয় ফ্রিটজে আলেজান্ড্রো ডেভিড 'ডিচ ফকিনাক ৬-৪, ৬-৩, ৬-৭, ৬-১ ব্যৱধানত আৰু আনখন মেচত চতুর্দশ বাছনিৰ আন্দ্রে কবলেভে আড্রিয়ান মানাৰিনোক ৭-৫, ৬-২, ৬-৩ ছেটত পৰাজিত কৰে।