ডিজিটেল ডেস্ক : ছিজনৰ প্রথম গ্রেণ্ড শ্লাম অষ্ট্ৰেলিয়ান অ'পেন টেনিছৰ ফাইনেলত মুখামুখি হ'ব বেলাৰুছৰ এৰিনা ছাবালেংকা আৰু কাজাখাস্তানৰ ইলেনা ৰাইবাকিনা। ইউক্রেইনৰ এলিনা ছিটোলিনাক ৬-২, ৬-৩ ব্যৱধানত হৰুৱাই ছাবালেংকাই একেৰাহে চতুৰ্থবাৰলৈ অষ্ট্ৰেলিয়ান অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰে।
শীর্ষ বাছনিৰ ছাবালেংকাই ৪ বছৰত তৃতীয়বাৰলৈ খিতাপ দখলৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ'ব। লগতে সামগ্রিকভাৱে পঞ্চমটো গ্রেণ্ড শ্লাম খিতাপ জয়ৰ চেষ্টা চলাব বেলাৰুছৰ তাৰকা-গৰাকীয়ে। ইফালে, কাজাখস্তানৰ ৰাইবাকিনাই আমেৰিকাৰ জেছিকা পেগুলাৰ বিৰুদ্ধে ৬-৩, ৭-৬ (৭) ছেটত জয়েৰে খিতাপৰ যুঁজলৈ আগবাঢ়ে।
ৰাইবাকিনাই এতিয়া দ্বিতীয়টো গ্রেণ্ড শ্লাম খিতাপ জয়ৰ প্ৰয়াস কৰিব। ৰাইবাকিনাই ইয়াৰ আগেয়ে ২০২২ চনত উইম্বলডনৰ খিতাপ তুলি ধৰিছিল।