ডিজিটেল ডেস্ক : পত্নী,কন্যাসহ দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত সোমবাৰে সন্ধিয়া উপস্থিত হয় ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ।
বিহুৰে শচীন আৰু তেওঁৰ পৰিয়ালক আদৰণি জনায় বৰগছ ৰিজ'ৰ্ট কৰ্তৃপক্ষই। আদৰণি জনোৱাৰ সময়ত উপস্থিত থাকে বোকাখাত সমজিলা প্ৰশাসন আৰু বন বিভাগ। শচীনক চাবলৈ হেতা-ওপৰা লগায় অনুৰাগীয়ে।নিশা শচীন আৰু পৰিয়ালৰ বাবে বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৰিজ'ৰ্টখনত। লগতে শচীন আৰু পৰিয়ালৰ বাবে বিগ স্ক্ৰীনত আই পি এল প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে ৰিজ'ৰ্টখনে।
নিশাৰ আহাৰত শচীন আৰু পৰিয়ালৰ বাবে ৰখা হয় কন্টিনেন্টেল আহাৰ। পীজ্জা, পাষ্টা, ফ্ৰেন্স ফ্ৰাইছ, ব্লেক ৰাইচ, ক্ষীৰ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে। বৰগছ ৰিজ'ৰ্টৰ চ্যেফ হীৰকজ্যোতি বৰুৱাই জনোৱা মতে খাদ্য খাই যথেষ্ট আপ্লুত হয় শচীন। ইপিনে পুৱা অসমীয়া জলপানত লাড়ু, পিঠা, দৈ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে। তাৰ পিছতে বাগৰি বনাঞ্চল দৰ্শন কৰে শচীন আৰু পৰিয়ালে। বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত বাঘৰ দৰ্শন লাভ কৰে শচীনে।
বনাঞ্চল দৰ্শনৰ সময়ত হাতী, ম'হো দৰ্শন কৰে শচীন আৰু পৰিয়ালে। কাজিৰঙাৰ DFO অৰুণ ভিগ্নেশে সংগ দিয়ে শচীনক। শচীনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনদুৰ্গা বাহিনীৰ সৈতেও ফটো উঠে। বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হোৱা বুলি মন্তব্য কৰে শচীনে।
বাঘ আৰু ওচৰৰ পৰা চাব বিচাৰোঁ বুলি কয় কিংবদন্তিগৰাকীয়ে। বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত লক্ষ্যধৰ কুমাৰ, যতীন দাস নামৰ যুৱক দুজনে গামোচা পিন্ধায় শচীনক। শচীনক লগ পাবৰ বাবে নিশাই কাজিৰঙাত উপস্থিত হৈছিল যুৱক দুজন। কেৱল তেওঁলোকেই নহয়, বহু অনুৰাগীয়ে ভিৰ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত।
আনহাতে বাগৰি বনাঞ্চলত ৱিহান বৈভৱ নামৰ এটি কিশোৰক হাত মিলায় শচীনে। মহাৰাষ্ট্ৰৰ পৰা পিতৃ-মাতৃৰ সৈতে কাজিৰঙা দৰ্শনৰ বাাবে আহিছিল কিশোৰজন। শচীনক লগ পাই আনন্দত আত্মহাৰা হৈ পৰে বৈভৱ। আনহাতে দুুুপৰীয়া কহঁৰা বনাঞ্চল দৰ্শন কৰি দুপৰীয়াৰ আহাৰ আয়'ৰা ৰিজ'ৰ্টত গ্ৰহণ কৰিব শচীনে। নিশালৈ পৰম্পৰাগত থলুৱা আহাৰৰ ব্যৱস্থা কৰিছে বৰগছ ৰিজ'ৰ্টে।নিশা বৰগছ ৰিজ'ৰ্টত কটাই কাইলৈ পুৱা উভতি যাব শচীন আৰু পৰিয়াল।
উৎস: প্ৰাগ নিউজ ডিজিটেল