ডিজিটেল ডেস্কঃ মা কামাখ্যা মন্দিৰ, লাচিত বৰফুকন আৰু আহোমৰ বিষয়ে অপপ্ৰচাৰ চলাই এইবাৰ বিপদত পৰিছে শুকুৰ আলী। সামাজিক মাধ্যমত জনপ্রিয়তা লাভ কৰাৰ পাছত কালি চামগুৰিত এখন নির্বাচনী সভাত বিজেপিৰ সদস্য শুকুৰ আলীয়ে বুৰঞ্জী বিকৃত কৰাৰ চেষ্টা কৰে। তাৰ পাছতে শুকুৰ আলীৰ বিৰুদ্ধে দেওবাৰে দিছপুৰ আৰক্ষী থানা, শিৱসাগৰ আৰক্ষী থানাকে ধৰি কেইবাখনো আৰক্ষী থানাত গোচৰ তৰে একাধিক সংগঠনে।
সংগঠনসমূহে শুকুৰ আলীৰ কাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনায়। উল্লেখযোগ্য যে দেওবাৰে চামগুৰিত পঞ্চায়ত নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত শুকুৰ আলীয়ে অসম বুৰঞ্জী বিকৃত কৰাৰ লগতে আহোমৰ বীৰগাথা জনমানসত হেয় প্রতিপন্ন কৰি ভাষণ দিছিল। শুকুৰ আলীয়ে ৰাম মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ ভূমি ঔৰংগজেৱে দান দিয়া বুলি উল্লেখ কৰাৰ লগতে অসমত আহোমৰ একো ভূমিকা নাই বুলি মন্তব্য কৰিছিল। শুকুৰ আলীয়ে জনসভাত লাচিত বৰফুকনে ৰাজনীতি কৰিছিল আৰু আহোমে লবীবাজি কৰিছিল বুলি
উল্লেখ কৰাৰ লগতে আহোমসকলে আজিলৈকে একো কৰা নাই বুলি প্ৰকাশ কৰিছিল। শুকুৰ আলীৰ এই অপমানজনক মন্তব্যত সর্বত্র সমালোচনাৰ জোৱাৰ উঠিছে। বিভিন্ন পক্ষই শুকুৰ আলীক সেই মন্তব্যৰ বাবে ধিক্কাৰ দিছে। ইয়াৰ পাছতে সদৌ অসম গোসাঁই সমাজে শুকুৰ আলীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত কালি এজাহাৰ দাখিল কৰে। গুৱাহাটীৰ উপৰি শিৱসাগৰতো শুকুৰ আলীৰ বিৰুদ্ধে উজনি অসম থলুৱা মুছলিম পৰিষদ, আটাছু আদি একাধিক সংগঠনে এজাহাৰ দাখিল কৰি শুকুৰক বিজেপিৰ পৰা বহিষ্কাৰ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাইছে। ইফালে সর্বত্র সমালোচনাৰ জোৱাৰ উঠাৰ পাছত দেওবাৰে শুকুৰ আলীয়ে সামাজিক মাধ্যমযোগে ক্ষমা প্রার্থনা কৰি জিভা পিছল খাই সেই মন্তব্য কৰা বুলি উল্লেখ কৰে।