তামুলপুৰত বালি মাফিয়াৰ লুণ্ঠন

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক : তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ বৰনদীৰ বুকু উদং কৰি শিল-বালি মাফিয়াৰ অবাধ লুণ্ঠনৰাজে অতিষ্ঠ কৰি তুলিছে স্থানীয় ৰাইজক। স্থানীয় ৰাইজৰ অভিযোগ মতে, বৰনদীৰ পাৰত অত্যাধুনিক শিলভঙা মেচিনৰ বৈধ অনুজ্ঞা-পত্ৰৰ দোহাই দি নীতিবহির্ভূতভাৱে বন বিভাগ আৰু চৰকাৰ প্ৰশাসনক কেৰেপ নকৰি দিনে-নিশাই ডাঙৰ ডাঙৰ মেচিন আৰু জে চি বিৰে নদীৰ বুকুত অবৈধভাৱে খনন চলাই অহাত তামুলপুৰ জিলাত হাতী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি হৈছে। হাতীৰ গতিপথত বৃহৎ বৃহৎ শিল ভঙা মেচিন স্থাপনৰ পাছতে বন্ধ হৈছে হাতী চলাচল কৰা কৰিডৰ। নদীখনৰ পাৰত শিল ভঙা মেচিন স্থাপন কৰি শিল-বালি মাফিয়াই সন্ত্রাস সৃষ্টি কৰাত পূৰ্বৰ কৃষিভূমি কৃষিৰ বাবে অনুপযোগী হোৱাৰ লগতে মেচিনৰ বিকট শব্দ আৰু ধূলি-বালিয়ে সমগ্র অঞ্চলটোত সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণৰ। 

দিন-ৰাতি একাকাৰ কৰি চলোৱা অবৈধ খননৰ ফলত ক্ৰমাৎ শুকাই গৈছে বৰনদীৰ জলস্তৰ। যাৰ বাবে কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাইজৰ অভিযোগ এল এন টি আৰু এইচ আৰ ডি কোম্পানীৰ লগতে বৰনদীৰ পৰাত প্রায় ৭-৮টা কোম্পানীয়ে বৃহৎ বৃহৎ শিল ভঙা মেচিন স্থাপন কৰি অবৈধভাৱে খনন কার্য চলাই নিশা শ শ ডাম্পাৰেৰে শিল-বালি কঢ়িয়াই নিয়াৰ ফলত তামুলপুৰ-ওদালগুৰি পথৰ লগতে তামুলপুৰ-ৰঙিয়া পথত সাধাৰণ লোকৰ যাতায়াত একপ্ৰকাৰ বন্ধ হোৱাৰ লগতে ডাম্পাৰ দৌৰাত্ম্যৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ মৃত্যুমুখত পৰিব লগা হৈছে। 

তথাপি নীৰৱ ভূমিকা গ্ৰহণ কৰিছে তামুলপুৰ বন বিভাগ আৰু জিলা প্রশাসন। উত্থাপিত অভিযোগ মতে, এইসকল লোকে কাৰ আশীৰ্বাদত বৰনদীৰ বুকুত অবৈধ খনন কার্য চলাইছে লগতে বৃহৎ বৃহৎ শিল ভঙা মেচিন স্থাপন কৰি লুণ্ঠনৰাজ চলাই থকাত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাইছে।

Share This