ডিজিটেল ডেস্ক : আংগিকৰ সম্পৰীক্ষাই বহুত ভাল গল্প ধ্বংস কৰি পেলাইছে। অত্যধিক আংগিকৰ সম্পৰীক্ষাৰ বাবেই বহুতো ভাল গল্পকাৰৰ গল্প পঢ়াত অনীহাৰ সৃষ্টি হয়। আংগিকৰ সম্পৰীক্ষাৰ ব্যৱহাৰৰ বাবেই বহু গল্পকাৰে পাঠকজন হেৰুৱাই পেলায়। একাংশ গল্পকাৰে আংগিকৰ ইমান সাংঘাতিক সম্পৰীক্ষা চলাই যে তাৰ মাজত পাঠকে গল্পৰ যিটো ৰস সেইটো হেৰুৱাই পেলায়। গল্পৰ নিজস্ব ৰস হেৰালে পাঠকে তাৰ প্ৰতি আগ্রহ প্রকাশ নকৰে।
দেওবাৰে উজানবজাৰস্থিত শ্বহীদ ভৱনত বৰ্ণ প্রিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত বিশিষ্ট সাংবাদিক, দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকনৰ গল্প সংকলন 'মন্ত্ৰী বোকাত পৰিল'ৰ শুভ উন্মোচন অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে অংশগ্রহণ কৰি বিশিষ্ট লেখক, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে এইদৰে কয়। সঞ্জীৱ কুমাৰ ফুকন এটা জাতীয় আন্দোলনৰ মাজৰ পৰা জন্ম হোৱা এজন সাংবাদিক, সাহিত্যিক বুলি উল্লেখ কৰি ৰাজগুৰুৱে লগতে কয় যে মানুহৰ সমাজখনৰ লগত সঞ্জীৱ কুমাৰ ফুকনৰ এটা গভীৰ সম্পৰ্ক আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বিভিন্ন শ্ৰেণীৰ মানুহক তেওঁ চিনি পায়, কেৱল চিনি পোৱাই নহয়, তেওঁলোকৰ লগত সংযোগ, সম্পর্ক নিয়মিত ৰাখে। তেওঁৰ এই ব্যতিক্রমী চিন্তা বা জীৱনধাৰাই তেওঁৰ গল্পত সাংঘাতিকভাৱে প্রভাৱান্বিত কৰিছে। ভাষণত তেওঁ সঞ্জীৱ কুমাৰ ফুকনৰ গল্পৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয়, 'গল্প সংকলনখনত সন্নিৱিষ্ট ফুকনৰ 'আবেলিৰ পৰত' গল্পটো সকলোৱে আৰম্ভণিতে পঢ়া উচিত। গল্পটোত তিনিটা প্ৰজন্মৰ মনস্তত্ব আৰু জীৱনশৈলী আৰু মানসিকতা তেওঁ কেৱল ব্যাখ্যা কৰিছে। তেওঁৰ গোটেই সাহিত্য চেতনাত এটা মধ্যবিত্ত স্রোত প্ৰৱহমান হৈ আছে। তেওঁৰ গল্পত কাহিনীৰ উপস্থাপন একেবাৰে নিকট কাহিনী। সেইবাবে গল্পটো পঢ়িলে সকলোৰে কাহিনীটো পৰিচিত যেন লাগিব। তেওঁৰ গল্পৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কেৱল এক সৰল ব্যাখ্যা। গল্পত তেওঁ কোনো আংগিকৰ সম্পৰীক্ষা নকৰে।
সঞ্জীৱ কুমাৰ ফুকনৰ 'মন্ত্ৰী বোকাত পৰিল' গল্প সংকলনখন পাঠক সমাজে আঁকোৱালি ল'ব বুলি তেওঁ আশা প্রকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে লেখক সঞ্জীৱ কুমাৰ ফুকনে গ্ৰন্থখনৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই কয় যে আজিৰ এই ক্ষণ মোৰ বাবে এক ভাবিব নোৱাৰা অনুভৱৰ ক্ষণ। মই গল্পকাৰ, ঔপন্যাসিক এইবোৰ একো নহয়। এয়া হৈছে কিছুমান সময়ৰ অনুভৱ ব্যক্ত কৰিবলৈ মন যোৱাৰ বাবে সেই মুহূৰ্তটোত লিখা কিছুমান আখৰ। সেয়ে 'মন্ত্রী বোকাত পৰিল' কিতাপখন পাঠকে পঢ়ি ভাল পালে ভাল কিতাপ আৰু বেয়া পালে বেয়া কিতাপ বুলি উল্লেখ কৰি তেওঁ সকলো সিদ্ধান্ত পাঠকৰ ওচৰত এৰিছোঁ বুলি কয়। অনুষ্ঠানত অন্যতম উন্মোচক হিচাপে অংশগ্ৰহণ কৰি অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই সঞ্জীৱ কুমাৰ ফুকনক শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনতো নতুন সৃষ্টিৰ বাবে আগবাঢ়ি যাবলৈ উৎসাহ প্রদান কৰে।
অনুষ্ঠানত বিশিষ্ট সাংবাদিক দিলীপ চন্দনে কয়, 'গল্প লিখাটো খুব টান কাম। অসমত লিখা মানুহৰ সংখ্যা কমিছে। বহু লেখক হঠাতে আহি আকৌ হঠাতে নোহোৱা হোৱাৰ দৰে হৈ পৰে।' এই যে আহিছে আৰু গৈছে এইটো লেখকসকলৰ মাজত হ'ব নালাগে বুলি উল্লেখ কৰি তেওঁ ভাল লেখা-পড়া মানুহে পঢ়ি আছে আৰু সদায়েই পঢ়ি থাকিব বুলি মন্তব্য কৰে। জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই কয়, 'হোমেন বৰগোহাঞিয়ে শেষৰ ৩০ বছৰত সদায় এটাই দোষ কৰিলে যে তেওঁ বাতৰি কাকতৰ সাংবাদিক, সম্পাদক হৈ ৩০ বছৰত এটাও গল্প লিখিব নোৱাৰিলে। কিন্তু বৰগোহাঞিৰ স্বীকাৰোক্তি সঞ্জীৱ কুমাৰ ফুকনে মিছা বুলি প্রমাণ কৰি দেখুৱালে যে এজন মানুহ সাংবাদিক হৈও সৃষ্টিশীল কর্মত জড়িত হৈ থাকিব পাৰে যদি তেওঁ শৃংখলাবদ্ধভাৱে জীৱন যাপন কৰিব পাৰে।'
আনহাতে, এখন দৈনিক কাকতৰ সম্পাদক হৈ থাকি ইমান দায়িত্বৰ পাছতো এখন গল্প সংকলন উপহাৰ দিয়াৰ বাবে তেওঁ সঞ্জীৱ কুমাৰ ফুকনক ধন্যবাদ জনায়। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তই সকলোৰে জীৱনত 'টাইম মেনেজমেন্ট'টো খুব ডাঙৰ কথা বুলি উল্লেখ কৰি সময়ৰ সঠিক ব্যৱহাৰ কৰিব পৰা বাবেই ভবেন্দ্রনাথ শইকীয়াই শেষ সময়লৈকে বহুতো ভাল লেখা আমাক দি থৈ গ'ল বুলি মন্তব্য কৰে। বিশিষ্ট সাংবাদিক ৰণেন গোস্বামীয়ে কয় যে অসমীয়া গল্পৰ এটা শক্তিশালী ধাৰা, পৰম্পৰা আছে। সঞ্জীৱ কুমাৰ ফুকনে টাইম মেনেজমেন্ট মানি চলিছে। সেইবাবে তেওঁ ব্যস্ত জীৱনৰ মাজতো লিখা-মেলা কৰিব পাৰিছে। অসমীয়া প্রতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে শান্ত-শিষ্ট যেন লগা মানুহজনৰ ভিতৰত এটা অস্থিৰতা আছে আৰু সেইবাবেই তেওঁ সৃষ্টিশীলতাত নিজক নিয়োগ কৰিব পাৰিছে বুলি উল্লেখ কৰি এইক্ষেত্রত সদায়েই সাহসেৰে আগবঢ়াই লৈ যোৱাৰ বাবে সঞ্জীৱ কুমাৰ ফুকনৰ সহধর্মিণী মেঘালী চক্ৰৱৰ্তীকো ধন্যবাদ জনায়। অনুষ্ঠানটোত উপস্থিত থাকি প্রাক্তন আছু-নেতা অমল ডেকা, সমাজকর্মী-সংগঠক নৃপাল বার্মা, দ্বিজেন দাস, পুলিন কলিতাকে ধৰি কেইবাগৰাকীও লোকে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে বর্ণ প্রিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ প্ৰকাশক অবিনাশ শর্মাই আগন্তুক গ্ৰন্থমেলাৰ পূৰ্বেই সঞ্জীৱ কুমাৰ ফুকনৰ 'সন্ধিক্ষণৰ ৰাজনীতি' নামৰ আন এখন গ্রন্থও প্রকাশ পাব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
উল্লেখযোগ্য যে প্রাগ নিউজৰ ইনপুট এডিটৰ প্ৰণৱজ্যোতি নদীয়ালে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বিশিষ্ট সাংস্কৃতিক সংগঠক, গীতিকাৰ ৰঞ্জিত বৰ্মনে এগছি বন্তি প্রজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত নুনমাটি পাব্লিক স্কুলৰ ছাত্ৰী প্ৰিয়াক্ষী মেছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুটাকৈ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানটোত প্ৰথম খবৰৰ মুখ্য সম্পাদক প্রণয় বৰদলৈ, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাৰ লগতে বহু গণ-মান্য ব্যক্তি আৰু লেখকৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।