ছেবাষ্টিয়েন লেকর্ন পুনৰ হ'ল ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ কাৰ্যালয়ৰ ঘোষণা

dainik janambhumi October 12, 2025

ডিজিটেল ডেস্ক : ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে ছেবাষ্টিয়েন লেকৰ্নুক দেশখনৰ প্রধানমন্ত্রী হিচাপে পুনৰ নিযুক্তি দিছে। লেকাৰ্নুৱে কেইদিনমান পূর্বে প্রধানমন্ত্রী পদ ত্যাগ কৰিছিল। 

মেক্রনে লেকৰ্নুক পুনৰ এখন চৰকাৰ গঠন কৰাৰ চেষ্টা কৰিবলৈ আৰু দেশখনৰ ৰাজনৈতিক সংকট দূৰ কৰি এখন বাজেট দাখিল কৰিবলৈ নিৰ্দেশ দিছে। শুকুৰবাৰে নিশা এই নিযুক্তিৰ বিষয়ে ৰাষ্ট্ৰপতিৰ কার্যালয়ে সদৰী কৰে। 

ইফালে, লেকর্নুৱে সামাজিক মাধ্যমযোগে কয় যে কৰ্তব্যৰ সীমা অতিক্রমি তেওঁ নতুন কর্মসংস্থাপনৰ প্ৰস্তাৱক স্বীকাৰ কৰিছে। ফ্রান্স সম্প্ৰতি বহু অর্থনৈতিক প্রত্যাহ্বান আৰু বৃহৎ ঋণৰ বোজাৰে জুৰুলা হৈ পৰিছে। এনে সময়তে লেকৰ্নুৰ পুনৰ নিযুক্তিও হৈ পৰিছে এক নতুন প্রত্যাহবান।

Share This