ডিজিটেল ডেস্ক: ইৰান চৰকাৰৰ মন্ত্রী-বিষয়াসকলে অতি সতর্কতাৰে নিজৰ মাজত ঐক্য আৰু সংহতি আছে বুলি ৰাজহুৱাভাৱে শেহতীয়াকৈ প্রদর্শন কৰিলেও ইৰানৰ নেতৃত্বত যে সংকট নমি আহিছে সেইটো দেশখনৰ অভ্যন্তৰীণ কাম-কাজত ধৰা পৰিছে।
আনহাতে, যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইৰজাইলে দেশখনত আক্ৰমণ কৰাৰ পাছৰে পৰা ইৰানত গভীৰ অর্থনৈতিক সংকটৰ সৃষ্টি হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ নেতৃত্বৰ মাজত বিভাজন ঘটিছে বুলি দাবী কৰাৰ পাছতে তেহৰানত ইৰানী নেতৃবৃন্দই অধিক সতর্কতাৰে নিজৰ মাজত সংঘবদ্ধ হৈ থকাটো প্রদর্শন কৰিবলৈ বিচাৰিছে। তেওঁলোকৰ মাজত বিভাজন হোৱা নাই বুলি সংবদ্ধভাৱে ৰাজহুৱাভাৱে বিবৃতিও প্রকাশ কৰিছে। কিন্তু দেশখনৰ চৰকাৰ বিৰোধী সংবাদ প্রতিষ্ঠান 'ইৰান ইণ্টাৰনেশ্যনেলে এই সংঘবদ্ধতাৰ আঁৰত এটা জটিল পৰিস্থিতিৰহে বৰ্ণনা কৰিছে।
ইৰানৰ সর্বোচ্চ নেতা মুজতবা খামেনেইলৈ দেশখনৰ জ্যেষ্ঠ চৰকাৰী মন্ত্ৰী-বিষয়াসকলে পঠিওৱা এখন গোপন পত্র এতিয়া বিতৰ্কৰ কেন্দ্রবিন্দু হৈ পৰিছে। পত্ৰখনত সতর্ক কৰি দিয়া হৈছে যে ইৰানৰ বৰ্তমানৰ অর্থর্থনৈতিক অবস্থা অতি গুৰুতৰ আৰু অবহনক্ষম হৈ পৰিছে। সেইবাবে পাৰমাণৱিক শক্তিৰ বিষয়টোত আমেৰিকাৰ সৈতে গুৰুত্বসহকাৰে মোকাবিলা কৰিব লাগে ইৰানে। এই নথিখন ৰাজহুৱাকৈ প্ৰকাশৰ ইচ্ছা কৰা নাছিল ইৰানী বিষয়াসকলে। কিন্তু অভ্যন্তৰীণ বুজাপৰাৰে গোপনকৈ সমস্যা সমাধানৰ পথ উলিয়াবলৈ পত্রখন সর্বোচ্চ নেতাজনলৈ লিখা হৈছিল। এই পত্ৰখনত ইৰানী কর্তৃপক্ষৰ জ্যেষ্ঠ সদস্য তথা সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ ঘালিবাফ, ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান, বিদেশ মন্ত্রী আবুাছ আৰামচী আৰু মুস্তাফা পৌৰমহম্মদামাদীয়ে। কিন্তু কেইবাজনো চৰকাৰৰ নেতৃত্বই এই পত্ৰখনত চহী কৰিবলৈ
ৰাজী নহ'ল। বিশেষকৈ সামৰিক বাহিনী, ইছলামিক ৰিভলুশ্যনেৰী গার্ড কর্পছৰ (আই আব জি চি) এজনো বিষয়াই এই পত্ৰখনত চহী নকৰিলে। ইয়াৰ দেশখনৰ বিদেশ মন্ত্র্যালয়ৰে জড়িত জ্যেষ্ঠ কূটনীতিবিদ আলী বাঘেৰী কানীও আছে। এই গোপন পত্ৰখনে ইৰানৰ ৰাজনীতি জোকাৰি গৈছে। এই পত্রখনে এইটো স্পষ্ট কৰিছে যে যুদ্ধক লৈ ইৰানত নেতৃত্বৰ মাজত বিভাজন প্রকট হৈ উঠিছে। যুদ্ধ চলাই নিয়া অথবা যুদ্ধ-বিৰতিৰ বাবে আলোচনা, এই দুটা বিষয়ত দেশখনৰ নেতৃত্বই দুটা শিবিৰত অৱস্থান কৰাটো প্রকট হৈ পৰিছে। বাতৰিটোত প্রকাশ হোৱা মতে, এই পত্রখন সীমিত চক্ৰতহে প্ৰচাৰ কৰাৰ কথা আছিল যদিও এই পত্রখন ফাদিল হোৱাত দেশখনত সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইৰানী সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ ঘালীবাফৰ সহযোগী জলিল মোহেবীয়ে সামাজিক মাধ্যমত সতর্কবাণী দিছে যে যিয়ে এই পত্ৰখন প্ৰচাৰ কৰিব, তেওঁক ইৰানী আইনৰ অধীনত ১০ বছৰ কাৰাদণ্ড বিহা হ'ব। আনহাতে, এই নেতৃত্বৰ মাজত বিভাজন ঘাইকৈ আমেৰিকাৰ সৈতে পাৰমাণৱিক আলোচনাক লৈ আৰম্ভ হৈছে। সর্বোচ্চ নেতা মুজতবা খামেনেই বিষয়াসকলক কঠোৰ নির্দেশ দিছে যে যিকোনো পৰিস্থিতিত আমেৰিকাৰে ইৰানে পাৰমাণৱিক বিষয়ত আলোচনা কৰিব নালাগে।
অৱশ্যে, ইৰানী আলোচনাকাৰী সকলে এই বিষয়টো ৱাশ্বিংটনৰে বৈঠকৰ সময়ত কেতিয়াও এৰাই চলিব নোৱাৰে। সর্বোচ্চ নেতা মুজতবা খামেনেই ৰ এই সিদ্ধান্ত আলোচনাকাৰীয়ে পৰিহাৰ কৰাক লৈ ক্ষুণ্ণ কৰি তুলিছে দেশখনৰ কট্টৰপন্থী নীতি-নিৰ্ধাৰকসকলক। ইৰানী সংসদৰ সদস্য মহম্মদ নববীয়ানসহ কেইবাজনো কট্টৰপন্থী সাংসদে আলোচনীপন্থী নেতৃত্বৰ বিৰোধিতা কৰিছে।