ডুমডুমাত ছিনিয়ৰ আন্তঃজিলা খো-খো আৰম্ভ

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক: অসম খো-খো সন্থাৰ তত্ত্বাৱধানত, তিনিচুকীয়া জিলা খো-খো সন্থাৰ সৌজন্যত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত তথা ডুমডুমা মহাবিদ্যালয় আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ আতিথ্যত কালিৰে পৰা ডুমডুমা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে ১৯ তম আন্তঃজিলা ছিনিয়ৰ ল'ৰা খো-খো প্রতিযোগিতা। পুৱা অসম খো-খো সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই।

তিনিচুকীয়া জিলা খো-খো সন্থাৰ পতাকা উত্তোলন কৰে যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, যুৱ-ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে ডুমডুমা আঞ্চলিকৰ সভাপতি হীৰকজ্যোতি মৰাণে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি অর্জুন বৰুৱাই। উদ্বোধনী খেলখন উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ যোগেন পাটোৱাৰীয়ে। উদ্বোধনী খেলখন মৰিগাঁও আৰু দক্ষিণ কামৰূপৰ মাজত অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ দলে জয়লাভ কৰি সম্পূর্ণ পইন্ট অর্জন কৰে।

Share This