জ্যোতি চিত্ৰবনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশন, 'জ্ঞান আৰু বিনয়ত দুর্দান্ত লোকো শান্ত হয়'

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক : 'ইতিহাসৰ প্ৰতি শ্ৰদ্ধা আৰু দায়িত্বশীল কামৰূপ মহানগৰ জিলা সাহিত্য সভা। সভাপতি-সম্পাদক সেইবাবে ধন্যবাদৰ পাত্ৰ। চৰকাৰসমূহে স্বাস্থ্য আৰু শিক্ষা শিতানত বেছি টকা ব্যয় কৰিব লাগে। চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত সু-প্রশিক্ষণপ্রাপ্ত ইংৰাজী শিক্ষক নিয়োগ কৰিব লাগে।'

কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১৫সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে বিয়লি অনুষ্ঠিত মুকলি সভাত অংশ লৈ অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এনেদৰে কয়। কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহৰ মুকলি বাকৰিত কাহিলিপাৰা শতদল শাখা, জাপৰিগোগ শতদল শাখা আৰু দিছপুৰ শাখাৰ যৌথ সহযোগত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° গোস্বামীয়ে আৰু কয় যে 'সমন্বয় একপক্ষীয় নহয়। দুয়োপক্ষৰ মাজত বুজাবুজি থাকিব লাগিব। জ্ঞান আৰু বিনয়ত দুর্দান্ত লোকো শান্ত হয়। সাহিত্য সভা বৰ্তমান পোহৰৰ সন্ধানতৰত।' 

মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আদিতে 'চিৰ চেনেহী মোৰ ভাষা জননী' গীত পৰিৱেশন কৰে। জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই আঁত ধৰা, উদ্দেশ্য ব্যাখ্যা, প্রতিবেদন পাঠ কৰা সভাৰ আদৰণী ভাষণ দিয়ে আদৰণী সমিতিৰ সভাপতি ভূপেন্দ্র চন্দ্র শৰ্মাই। সভাৰ বাৰ্ষিক মুখপত্র 'কামৰূপজ্যোতি' উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। তিনিমহীয়া বার্তা আলোচনী 'কামৰূপ মহানগৰ বাৰ্তা' (মুখ্য সম্পাদকঃ নৰেন ৰয়, সম্পাদক: দীপক শর্মা) উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়- 'অসম সাহিত্য সভা আৰু কামৰূপ মহানগৰ সাহিত্য সভাৰ বার্তা একে সমান হৈছে। হৃদয়-মগজুৰ পৰা মানুহক ভাল পাব লাগে। হৃদয়ৰ পৰিভাষা জানিব-বুজিব লাগে। সত্যৰ সন্ধানত আমি থাকিব লাগে।' 

সভাত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, প্রাক্তন উপ-সভাপতি কনক চন্দ্র শর্মা, প্রাক্তন প্রধান সম্পাদক ড° জগদীশ পাটগিৰী, গোবিন্দ কলিতা, ৰত্নেশ্বৰ বসুমতাৰী, দিনমণি ভাণ্ডাৰ কায়স্থ, মিহিৰ কুমাৰ বৰুৱা, কমল কলিতা প্রভৃতিয়ে বিশিষ্ট আতিথি হিচাপে অংশ লয়। সভাত অখিল চন্দ্ৰ দাসৰ কবিতা পুথি 'দোভাগ নিশাৰ চকুলো', কৃষ্ণকান্ত তালুকদাৰৰ সংকলিত 'জানিবলগীয়া কথা', দ্বিজেন বৰ্মনৰ উপন্যাস 'অতীতৰ সুবাস বিচাৰি', সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যৰ অনূদিত উপন্যাস 'ৰেভ ক্লাড', কিৰণ দাস সম্পাদিত 'লুইতপৰীয়া কাব্য সংকলন' আদি কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়। 

সভাত ভিন ভিন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হয়। শলাগৰ শৰাই আগবঢ়ায় আদৰণী সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে। ইয়াৰ পাছতে সাংস্কৃতিক আহ্বায়ক পদুমী পাঠকৰ পৰিচালনাত অনুষ্ঠিত মনোৰম সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে সাংস্কৃতিক কর্মী ড° সঞ্জীৱ কুমাৰ শৰ্মাই। পুৱাৰ ভাগত বর্ণিল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে সংগীত পৰিচালক, শিল্পী ডাঃ হিতেশ বৰুৱাই। প্রথমদিনা পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মনে। ইয়াৰ লগতে ১৪খন পতাকা উত্তোলন কৰে কেইবাগৰাকী বিশিষ্ট সাহিত্যিকে। ইয়াৰ পাছত স্মৃতি তর্পণ, বন্তি প্রজ্বলন কৰে ক্ৰমে জিলা উপ-সভাপতি জ্যোতির্ময়ী ডেকা, আদৰণী সমিতিৰ সভাপতি ভূপেন্দ্র চন্দ্র শর্মাই। প্রতিনিধি আৰু অন্যান্য সদস্যৰ পঞ্জীয়নৰ অন্তত গ্রন্থ প্রদর্শনী উদ্বোধন কৰে পদ্মশ্রী ডাঃ ইলিয়াছ আলীয়ে। ১১ বজাত কুঁহি অনুষ্ঠান উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটাপ্রাপক সুৰেন্দ্ৰ মোহন দাসে। আকাশ অনুষ্ঠান উদ্বোধন কৰে জিলা সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি বিষ্ণু ডেকাই। ৰামধেনু অনুষ্ঠান উদ্বোধন কৰে অসম প্রকাশন পৰিষদৰ প্ৰাক্তন সচিব ড° অসমী গগৈয়ে। মাতৃভাষা আৰু ৰাজ্যভাষাৰ অনুষ্ঠান উদ্বোধন কৰে সাহিত্য অকাদেমি বঁটাপ্রাপক জয়ন্ত মাধৱ বৰাই। অনুবাদ প্রকল্প অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট পণ্ডিত, শিক্ষাবিদ, সাহিত্যিক ড° দয়ানন্দ পাঠকে। 

খিলঞ্জীয়া অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° উপেন ৰাভা হাকাচামে। যুৱ সংসদ অনুষ্ঠান উদ্বোধন কৰে লেখিকা মণিকুন্তলা ভট্টাচার্যই। প্রবল প্রাকৃতিক দুৰ্যোগৰ মাজতো কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশন সফল কৰি তোলাৰ বাবে জিলাৰ অধীনৰ শাখা সাহিত্য সভাসমূহ, বিভিন্ন সংবাদ-সাহিত্যকর্মীক শলাগ জনাইছে জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্ত, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, আদৰণী সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে।

Share This