ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ অধিক উচ্চতাৰ চাট্ৰু খণ্ডত প্ৰায় এটা বছৰ ধৰি সেনাই চলাই থকা অভিযানৰ ফলত বিশেষ সফলতা অৰ্জন কৰিছে।
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ দুৰ্গম পাহাৰীয়া অঞ্চলটোত সেনাই দেওবাৰৰ পৰা অভিযান তীব্ৰ কৰিছে। সেনাই সোমবাৰে কয় যে এই দুর্গম অঞ্চলটোত জৈছ-এ মহম্মদৰ শীৰ্ষ কমাণ্ডাৰ ছৈফুল্লাসহ সাতটা সন্ত্রাসবাদীক তেওঁলোকে হত্যা কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে যোৱা ৫ বছৰ ধৰি কিস্তৱাৰ আৰু ডোডা অঞ্চলত জৈছৰ শীৰ্ষ কমাণ্ডাৰ ছৈফুল্লা সক্ৰিয় হৈ আছিল আৰু ২০২৪ চনত নিৰাপত্তা বাহিনীৰে হোৱা সংঘর্ষসহ কেইবাটাও আক্ৰমণৰ ঘটনাত জড়িত আছিল এই দুর্ধর্ষ সন্ত্রাসবাদীটো।
জম্মু-কাশ্মীৰ আৰক্ষী, চি আৰ পি এফ আৰু সেনাৰ হোৱাইট নাইট শাখাই পাহাৰীয়া অঞ্চলটোৰ ঘন জংঘলত মাহ মাহ ধৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলাই আছিল। কিস্তৱাৰ অঞ্চলত ৩২৬ দিন অভিযান চলাই সন্ত্রাসবাদীৰ কেইবাটাও গোপন ঘাটি উৎখাত কৰাৰ লগতে ৭টা সন্ত্রাসবাদীক হত্যা কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনী।