ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যত চলি থকা যুদ্ধ উত্তেজনাই ১৯ দিন অতিক্রম কৰিলে। এই যুদ্ধ-উত্তেজনাৰ মাজতে উপসাগৰীয় অঞ্চলটোত গুৰুতৰ স্বাস্থ্য সংকটে দেখা দিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত ইৰানে মার্কিন ঘাটিসমূহত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধকল্পে প্রত্যাক্রমণ অব্যাহত ৰাখিছে। ঠিক সেইদৰে ইজৰাইল আৰু ইৰানৰ মাজতো আক্রমণ-প্রত্যাক্রমণ অব্যাহত আছে। ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই অঞ্চলটোত সৃষ্টি হোৱা ভীষণ স্বাস্থ্য সংকটৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে। সমগ্র উপসাগৰীয় অঞ্চলটোত আক্রমণ-প্রত্যাক্রমণত সহস্রাধিকৰ মৃত্যু হোৱাৰ লগতে হাজাৰোধিক আহত হৈছে আৰু স্থানচ্যুত হৈছে।
এই সংঘৰ্ষজৰ্জৰ পৰিস্থিতিত অঞ্চলটোত তীব্র স্বাস্থ্য সংকটৰ সৃষ্টি হৈছে। ইৰানত সহস্রাধিক নিহত আৰু আহত হৈছে। লেবাননত ছয় শতাধিক নিহত হৈছে আৰু সহস্রাধিক গুৰুতৰভাৱে আহত হৈছে। ঠিক সেইদৰে ইজৰাইলতো ২০জন নিহত আৰু দুই সহস্রাধিক আহত হৈছে। আনহাতে, দুয়োপক্ষৰ আক্রমণত বহুতো আৱাসিক এলেকা বিধ্বস্ত হোৱাৰ ফলত বহুতো লোক গৃহহীন হৈছে। খাদ্য-খোৱাপানীৰ অভাৱত অঞ্চলটোৰ বহু দেশত হাহাকাৰ অৱস্থা হৈছে সাধাৰণ নাগৰিকৰ।
আহতসকলৰ চিকিৎসাৰ বাবে পর্যাপ্ত ঔষধৰ অভাৱ হৈছে। ইৰানত ইতিমধ্যে ১ লাখ লোক গৃহহীন হৈছে। তদুপৰি, পৰিৱেশগত সংকটো আহিছে অঞ্চলটোলৈ। তেল শোধনাগাৰত আক্ৰমণৰ ফলত বিষাক্ত ধোঁৱাই ভীষণ প্ৰদূষণৰ সৃষ্টি কৰিছে। মধ্যপ্রাচ্যৰ বিভিন্ন দেশত এতিয়া জনস্বাস্থ্যৰ দিশত তীব্র সংকটৰ সৃষ্টি হৈছে।