ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আৱেদনৰ ৰায় কালি ফাষ্টট্রেক আদালতে সংৰক্ষণ ৰাখে। অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আৱেদনৰ কালি শুনানি ফাষ্টট্রেক আদালতে গ্রহণ কৰে। দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ গোস্বামীৰ ৰায় সংৰক্ষণ কৰি ৰাখে। আদালতে অহা ২৮ মে'ত এই জামিন আৱেদনৰ ৰায় প্ৰদান কৰিব।
এই গোচৰটোত অভিযুক্ত সকলোৰে চাৰ্জফ্ৰেমৰ ৰায় অহা ২৬ মে'ত আদালতে ঘোষণা কৰিব। তাৰ বাবেই শেখৰ গোস্বামীৰ ৰায় ২৮ মে'লৈ সংৰক্ষণ ৰখা হৈছে। কালিৰ শুনানিৰ সময়ত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ লগতে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰকে ধৰি পাঁচজনীয়া অধিবক্তাৰ দলটোৱে জামিনৰ সপক্ষে-বিপক্ষে যুক্তি প্ৰদৰ্শন কৰে।
লক্ষণীয় যে অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ পাছতে শেখৰজ্যোতি গোস্বামীয়ে যোৱা ১৩ মে'ত আদালতত জামিন আবেদন কৰিছিল। শেখৰজ্যোতি গোস্বামী বিগত বৰ্ষৰ ১৭ অক্টোবৰৰ পৰা হাফলং উপ-কাৰাগাৰত বন্দী হৈ আছে। একেখন কাৰাগাৰতে অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তও বন্দী হৈ আছে।