শিৱভক্তি! ৯৯ দিন খোজকাঢ়ি কেদাৰনাথত উপস্থিত গুৱাহাটীৰ যুৱক

Jyoti Borah August 25, 2023

ডিজিটেল ডেস্কঃ এজন যুৱক। যুৱকজন শিৱভক্ত। বুকুত তেওঁ অনবৰত কঢ়িয়াই লৈ ফুৰে মহাদেৱক। মহাদেৱৰ পৱিত্ৰ ধাম কেদাৰনাথলৈ যাবলৈ যুৱকজনৰ আছিল অযুত হেঁপাহ। সেই হেঁপাহকেই পূৰণ কৰিবলৈ তেওঁ কেদাৰনাথলৈ যোৱাৰ সিদ্ধান্ত ল’লে। কিন্তু তেওঁ কোনো বাহন বা উৰাজাহাজ বা ৰে’লত নহয়, খোজকাঢ়ি কেদাৰনাথত ধামলৈ ৰাওনা হ’ল। মাত্ৰ এটাই আশা পদব্ৰজে গৈ তেওঁ গ্ৰহণ কৰিব মহাদেৱৰ আশীৰ্বাদ। এই যুৱকজনৰ নাম অজয় দে’। 

গুৱাহাটী নিবাসী অজয় দে’য়ে সঁচা অৰ্থত দেখুৱাই দিলে ভক্তি কি...শক্তি কি। এক দুঃসাহসিক অভিযান আৰম্ভ কৰি অজয়ে গুৱাহাটীৰ পৰা খোজকাঢ়ি যাত্ৰা কৰি ৯৯ দিনৰ অন্তত গন্তব্যস্থান পবিত্ৰ কেদাৰনাথত সফলতাৰে উপস্থিত হয়। উল্লেখযোগ্য যে, গোটেই যাত্ৰাটোত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম - ইনষ্টাগ্ৰাম (@ajaydey20) আৰু ইউটিউবত খোজকাঢ়ি যোৱাৰ মনোমোহা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। অজয়ৰ এই ভিডিঅ’সমূহে নেটিজেনৰ ব্যাপক সঁহাৰি লাভ কৰিছিল। অদম্য দৃঢ়তা আৰু দুৰ্বাৰ সাহসৰ বাবে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় অজয়ে। 

যোৱা ১৫ মে’ৰ পৰা অজয়ে একক অভিযান আৰম্ভ কৰে। এই যাত্ৰা সহজ নাছিল। তেওঁ বাটত যথেষ্ট প্ৰত্যাহ্বান আৰু বাধাৰ সন্মুখীন হৈছিল কিন্তু মহাদেৱৰ প্ৰতি থকা শ্ৰদ্ধা আৰু প্ৰেমে এই সকলোবোৰ বাধা উফৰাবলৈ তেওঁক সাহস যোগাইছিল। অৱশেষত ৯৯ দিনৰ অন্তত লক্ষ্য স্থানত সফলভাৱে উপস্থিত হয় অজয় দে’। ২১ আগষ্টত পবিত্ৰ কেদাৰনাথ মন্দিৰত সফলতাৰে উপস্থিত হোৱাৰ লগে লগে তেওঁৰ শিৱভক্তি আৰু কঠোৰ পৰিশ্ৰমে সফলতাৰ মুখ দেখে। কেদাৰনাথত ধামত উপস্থিত হৈ দুচকু সজল হৈ পৰে অজয় দে’ৰ। কেদাৰনাথ ধামত উপস্থিত হোৱা ভিডিঅ’টোত তেওঁক সকলোৱে উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে।

উল্লেখ্য যে অজয় দে’ এজন দক্ষ কৰিঅ’গ্ৰাফাৰ হোৱাৰ উপৰিও তেওঁ নিজৰ ইনষ্টাগ্ৰাম বায়’ত নিজকে এজন অংশকালীন এক্সপ্ল’ৰাৰ হিচাপে পৰিচয় দিছে। ইয়াৰ জৰিয়তে ভ্ৰমণৰ প্ৰতি থকা তেওঁৰ আৱেগ প্ৰকাশ পাইছে।

Share This