ডিজিটেল ডেস্ক : পশ্চিম বংগত বিধানসভাৰ নিৰ্বাচনৰ পাছত সংঘটিত হিংসাই ব্যাপক ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে কালি নিশা বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ অন্যতম প্রধান দাবীদাৰ শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক (পি এ) অচিনাক্ত দুর্বৃত্তই মধ্যমগ্রামত গুলীয়াই হত্যা কৰে।
পশ্চিম বংগ বিজেপিৰ শীৰ্ষ নেতাজনৰ পি এ চন্দ্ৰনাথ ৰথৰ গাড়ীখন ৰখাই দুর্বৃত্তই উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্রামত চাৰিজাই গুলীচালনা কৰে। এই গুলীচালনাৰ ঘটনাত ৰথৰ সৈতে গাড়ীখনত থকা আন এজন বিজেপিৰ নেতা বুদ্ধদেব আহত হয়। তেওঁক হস্পিটেললৈ প্রেৰণ কৰা হৈছে। ইয়াৰ পাছতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হয়। আনহাতে, আহত বুদ্ধদেৱক লৈ যোৱা হস্পিটেলখনৰ বাহিৰতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়।
উল্লেখ কৰাৰ প্রয়োজন যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰবল দাবীদাৰ শুভেন্দু অধিকাৰীয়ে বৰ্তমানৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক ভৱানীপুৰ সমষ্টিত আৰু একালৰ তেওঁৰে ঘনিষ্ঠ সহযোগী পৱিত্ৰ কৰক নন্দীগ্রামত পৰাস্ত কৰি পশ্চিম বংগ বিধানসভালৈ নির্বাচিত হৈছে। আনহাতে, বিজেপিৰ প্ৰবল প্রত্যাহ্বান সত্ত্বেও মধ্যমগ্রাম সমষ্টিত তৃণমূল কংগ্ৰেছৰ ৰথিন ঘোষে ২৩৯৯টা ভোটৰ ব্যৱধানত বিজেপিৰ প্রার্থীজনক পৰাস্ত কৰিছিল। আনহাতে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত আন চাৰিজন লোক নিহত হৈছে। নির্বাচনী পৰৱৰ্তী হিংসাই ব্যাপক ৰূপ ধাৰণ কৰাৰ পাছত নির্বাচন আয়োগে প্রশাসনক হিংসাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ আন বহু স্থানৰ পৰাও অশান্তিৰ বাতৰি পোৱা গৈছে। ভাঙৰ, বাৰুইপুৰ, হাওৰা, নানুৰসহ ৰাজ্যখনৰ বিভিন্ন স্থানত জয় শ্রীৰাম ধ্বনি দি একাংশ লোকে বিৰোধী পক্ষৰ সমর্থক, বিশেষকৈ মুছলমান লোকৰ মাজত সন্ত্রাস চলোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে সোমবাৰে নিৰ্বাচনৰ ফল ঘোষণা কৰা হয় আৰু বিজেপিয়ে ২৯৪জনীয়া বিধানসভাত ২০৭খন আসন জয়েৰে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ সামর্থ্য অর্জন কৰে। সেই নিশাৰ পৰাই ৰাজ্যখনত ব্যাপক হাৰত হিংসাত্মক ঘটনাৰ সূত্রপাত ঘটে। কালিৰ দিনটোতো বিভিন্ন স্থানত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় ধ্বংস কৰাৰ লগতে দলটোৰ কৰ্মীক আক্ৰমণ কৰা হয়। এই ঘটনাত বিজেপিৰ কর্মী জড়িত থকা বুলি তৃণমূল কংগ্রেছে অভিযোগ কৰে। ৰাজধানী কলকাতাতো ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটে। হাতত বিজেপিৰ পতাকা লৈ অহা উন্মত্ত লোকৰ দলে বুলডজাৰেৰে ঐতিহাসিক হগ বাজাৰ (নিউ মার্কেট) ত থকা টি এম চিৰ কাৰ্যালয় ধ্বংস কৰে। টি এম চিৰ নিউমার্কেট ইউনিয়নৰ কাৰ্যালয়টো আক্ৰমণকাৰীৰ মূল লক্ষ্য আছিল। এই কার্যালয়টো সম্পূর্ণৰূপে ধ্বংস কৰা হয়। ইয়াৰ লগতে মাংসৰ দোকান আৰু আন ভালেমান দোকান বুলডজাৰেৰে ভাঙি পেলোৱা হয়। উত্তেজিত জনতাৰ দলটোৰ তাণ্ডৱ দেখি হগ বাজাৰৰ আন দোকানসমূহ বন্ধ কৰি দিয়া হয়। এই ঘটনাৰ ফলত কলকাতাৰ অন্যতম ব্যস্ত বাণিজিক কেন্দ্রটোত উত্তেজনাই বিৰাজ কৰে। কলকাতাৰ স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা মতে, নিউ মার্কেটত বুলডজাৰ লৈ অহা উন্মত্ত লোকৰ দলটোৱে ক্ষুদ্র তথা পথৰ কাষৰ ব্যৱসায়ীসকলক ভাবুকিও দিয়ে। ইয়াৰ উপৰি কলকাতাৰ সংখ্যালঘু বসতিপ্রধান ৫৩, ৪৬ আৰু ৬২ নম্বৰ বাৰ্ডত বিজেপিৰ পতাকা লৈ অহা লোকৰ দল এটাই ত্ৰাসৰ সৃষ্টি কৰে। আলিমুদ্দিন ষ্ট্ৰীটৰ পাছফালৰ পৰা এই দলটো নিউ মার্কেট এলেকাত উপস্থিত হয়। এই দলটোক নেতৃত্ব দিয়ে টি এম চি ত্যাগ কৰি কেইবছৰ মানৰ আগতে বিজেপিত যোগ দিয়া এজন স্থানীয় নেতাই।
টি এম চিৰ জ্যেষ্ঠ নেতা ডেৰেক অব্রায়ানে অভিযোগ কৰি কয়, 'মধ্য কলকাতাৰ, নিউ মার্কেটৰ কাষত আৰক্ষীৰ অনুমতি লৈ বিজয় উল্লাসৰ অংশ হিচাপে এখন বুলডজাৰ লগত লৈ মাংসৰ দোকানসমূহ ভাঙি পেলোৱা হয়। সেই সময়ত কেন্দ্রীয় বাহিনীৰ লোক ঘটনাস্থলীৰ কাষতে আছিল।' ইফালে টি এম চিয়ে গৰিহণা দি কয়, 'বিজেপিৰ পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তন আহিছে লগত বুলডজাৰ লৈ। বিজেপিৰ উন্মত্ত সমর্থকে যথেষ্ট তাণ্ডৱৰ সৃষ্টি কৰে।' টি এম চিয়ে ইয়াক বিজেপিৰ সমৰ্থকৰ মুকলি গুণ্ডাগিৰি আৰু উদ্ভণ্ডালি বুলি অভিহিত কৰে। ইফালে বিজেপিৰ মতে, টি এম চিৰ ভিতৰত চলি থকা অন্তর্কলহৰ ফলত এই ঘটনা ঘটে আৰু দলটোৰ কৰ্মীয়ে বিজেপিৰ পতাকা ব্যৱহাৰ কৰি দোকানত আক্রমণ কৰে।