এজবাষ্টনত গীলৰ অভিলেখ

dainik janambhumi July 04, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক শুভমন গীলে ইংলেণ্ডৰ বিৰুদ্ধে প্রথম দুখন টেষ্টত শতৰান কৰি অভিলেখৰ সৃষ্টি কৰে। তেওঁ এজবাষ্টনত খেলোৱা দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনা ডাবল চেঞ্চুৰী কৰে। গীলে ৩১১টা বলত ২০০ ৰান সম্পূৰ্ণ কৰে। টেষ্টত এইটো তেওঁৰ প্ৰথম দ্বি-শতৰান। ইংলেণ্ডত কোনো এখন টেষ্টত দ্বি-শতৰান কৰা গীল প্রথমজন ভাৰতীয় অধিনায়ক। ইয়াৰ আগতে ইংলেণ্ডত ভাৰতীয় অধিনায়কৰ সৰ্বশ্রেষ্ঠ প্ৰদৰ্শন আছিল ১৯৯০ চনত আজহাৰুদ্দিনে কৰা ১৭৯ ৰান। 

আনহাতে, ইংলেণ্ডত ডাবল চেঞ্চুৰী কৰা তেওঁ সুনীল গাভাস্কাৰ আৰু ৰাহুল দ্রাবিড়ৰ পাছতে তৃতীজন ভাৰতীয়। তেওঁ বিদেশত সৰ্বাধিক ৰান কৰা ভাৰতীয় অধিনায়ক ৰূপেও পৰিগণিত হৈছে আৰু ইয়াৰ জৰিয়তে বিৰাট কোহলীয়ে ২০১৬ চনত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কৰা ২০০ ৰানৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগতে তেওঁ ইংলেণ্ডত সৰ্বাধিক ৰানৰ ইনিংছৰ গাভাস্কাৰৰ অভিলেখো ভংগ কৰে। 

ইয়াৰ উপৰি, ইংলেণ্ডত প্রথম দুখন টেষ্টত চেঞ্চুৰী কৰা গীল দ্বিতীয়জন ভাৰতীয় অধিনায়ক। তেওঁ এতিয়া এই তালিকাত মহান ডন ব্রেডমেন, গাৰফিল্ড ছোবাৰ্ছ আৰু গ্রীন স্মিথৰ লগতে স্থান পালে। ভাৰতৰ হৈ প্রথমে এই কৃতিত্ব অৰ্জন কৰিছিল ১৯৯০ চনত আজহাৰুদ্দিনে।

Share This