ভাৰতীয় দলত সাল-সলনিৰ ইংগিত, টি-২০ বিশ্ব কাপলৈ মাথোঁ দুদিন বাকী

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক : টি-২০ বিশ্ব কাপ আৰম্ভ হ'বলৈ আৰু দুদিন বাকী। পিছে এই পর্যন্ত দুই ক্রিকেটাৰৰ আঘাত সমস্যাই ভাৰতীয় শিবিৰক চিন্তাত ৰাখিছে। আঘাতপ্রাপ্ত স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ বেছ কিছুদিন ধৰি খেলপথাৰৰ পৰা বাহিৰত আছে। ইফালে, প্রস্তুতি খেলত আঘাতপ্রাপ্ত হৈছে হর্ষিত ৰানা। এই দুই ক্রিকেটাৰৰ আঘাত সম্পর্কত কোনো তথ্যই নাই মুখ্য নির্বাচক অজিত আগৰকাৰ আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ হাতত। খবৰ অনুসৰি, সুন্দৰ সম্প্রতি বেংগালুৰুৰ চেণ্টাৰ অব্ এক্সেলেন্সত আছে। তেওঁ কিমান সুস্থ হৈ উঠিছে, কেতিয়া খেলপথাৰত নামিব পাৰিব সেই সন্দৰ্ভত আগৰকাৰ বাহিনীয়ে কোনো তথ্য লাভ কৰা নাই। 

মুখ্য নির্বাচক আৰু গম্ভীৰে সেই তথ্যৰ বাবে অপেক্ষা কৰি আছে। যেতিয়ালৈকে সুন্দৰৰ আঘাতৰ তথ্য জানিব পৰা নাযায় তেতিয়ালৈকে ভাৰতৰ বিশ্ব কাপৰ দলক লৈ বিভ্রান্তিৰ সৃষ্টি হ'ব। নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথমখন এদিনীয়াত আঘাত পাইছিল সুন্দৰে। তেতিয়াৰ পৰাই তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছে। জানিব পৰা মতে, সুন্দৰৰ আঘাত ভাল হ'বলৈ চিকিৎসকে ভবাতকৈ অধিক সময় লৈছে। প্রতিবেদনত কোৱা হৈছে যে নির্বাচকে কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া জানিব পৰা হোৱা নাই। কিন্তু দলীয় মেনেজমেন্টে সুন্দৰক লৈ খৰখেদা কৰিব খোজা নাই। সমগ্র সিদ্ধান্ত নিৰ্ভৰ কৰিছে চেণ্টাৰ অব্ এক্সেলেন্সৰ চিকিৎসকৰ প্ৰতিবেদনৰ ওপৰত। 

ইফালে, বুধবাৰে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রস্তুতি মেচখনত মাত্র ১ অভাৰ বলিং কৰি আঘাত সমস্যাৰ বাবে খেলপথাৰ ত্যাগ কৰে হৰ্ষিত ৰানাই। তেওঁৰ আঘাত কিমান গুৰুতৰ সেই তথ্যও নির্বাচকৰ লগতে গম্ভীৰ অৱগত নহয়। ইয়াৰ ফলত ভাৰতীয় দলত বিভ্রান্তিৰ সৃষ্টি হৈছে। অৱশ্যে জানিব পৰা মতে, খুব বেছি দিন সুন্দৰৰ বাবে অপেক্ষা কৰিব নালাগে। যিহেতু ভাৰতৰ প্ৰথম একাদশ গ্রুপ পৰ্যায়ৰ খেলৰ বাবে মোটামুটি সাজু হৈ আছে, সেয়েহে সুন্দৰক প্ৰয়োজন নহ'ব। কিন্তু নক-আউট পর্যায়ত তেওঁক প্রয়োজন হ'ব পাৰে। যদি বহু পলম হয় তেন্তে নির্বাচকে গ্রুপ পর্যায়লৈকে অপেক্ষা কৰিব। সেই সময়ছোৱাত যদি সুন্দৰ সুস্থ হৈ নুঠে তেন্তে তেওঁৰ পৰিৱৰ্তে ১৫জনীয়া দলত আন এগৰাকী ক্রিকেটাৰক স্থান দিয়া হ'ব পাৰে।

Share This