ডিজিটেল ডেস্ক : ইণ্ডিয়ান আইডল ১২-ৰ বিজয়ী গায়ক পৱনদীপ ৰাজন সোমবাৰে গাড়ী দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। এই দুৰ্ঘটনাত তেওঁ শৰীৰৰ কেইবা অংশত আঘাত পায়। উত্তৰাখণ্ডৰ চম্পাৱতৰ বাসিন্দা পৱনদীপে এটা অনুষ্ঠানৰ বাবে নয়দালৈ যাওঁতে উত্তৰ প্ৰদেশৰ আমৰোহাত এই দুর্ঘটনা হয়।
নিয়ন্ত্রণ হেৰুৱাই তেওঁলোকৰ গাড়ীখনে এখন ট্রাকৰ পিছত খুন্দা মৰাত গাড়ীখনৰ চালক, পৱনদীপ আৰু তেওঁৰ বন্ধু অজয় মেহৰা গুৰুতৰভাৱে আহত হয়। পৱনদীপৰ দুয়োখন ভৰিয়েই ভগাৰ উপৰি তেওঁ মূৰত গুৰুতৰ আঘাত পায়।
তাৎক্ষণিকভাৱে তিনিওজনক স্থানীয় এখন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰা হয় যদিও পাছত তেওঁলোকক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয়। পৱনদীপক চিকিৎসাৰ বাবে নয়দাৰ ফৰ্টিছ হস্পিটেললৈ নিবলৈ ইতিমধ্যে পৱনদীপৰ পৰিয়ালে ব্যৱস্থা গ্রহণ কৰিছে।