ডিজিটেল ডেস্ক : নির্বাচন আয়োগে দেশৰ চাৰিখন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ওড়িশা, মিজোৰাম, ছিকিম আৰু মণিপুৰত এছ আই আৰৰ গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আয়োগে।
যিসকল যোগ্য ভোটাৰৰ প্ৰ-পত্ৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই ২৮ জুন বা তাৰ আগেয়ে লাভ কৰে তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। যিসকল ভোটাৰে এই নিৰ্দিষ্ট তাৰিখৰ ভিতৰত প্ৰ-পত্র জমা দিব নোৱাৰে, তেওঁলোকে 'ফর্ম ৬' পূৰণ কৰিব লাগিব।
উল্লেখযোগ্য যে এইটো হৈছে এছ আই আৰৰ তৃতীয়টো পর্যায়। ও য'ত দেশৰ ১৬খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয় শাসিত অঞ্চলক সামৰি লোৱা হৈছে। প্রথমে চাৰিখন ৰাজ্যত তৃতীয় পর্যায়টো আৰম্ভ হৈছে।