ডিজিটেল ডেস্ক: অতি সোনকালে দেশৰ বাকী থকা ৰাজ্যসমূহতো ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্ৰক্ৰিয়া হ'ব। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই ঘোষণা কৰে।
কুমাৰে কয় যে ভাৰতত ভোটাৰৰ সংখ্যাৰ দিশত সঠিক আৰু সংহত ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে এছ আই আৰ হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ১৬সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ প্ৰাক্ক্ষণত মুখ্য নির্বাচন আয়ুক্তজনে এটা অনুষ্ঠানত কয় যে ইতিমধ্যে এছ আই আৰ প্ৰক্ৰিয়া চলি থকা ৰাজ্যসমূহত ভোটাৰ তালিকাৰ পৰা অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰি প্ৰতিজন যোগ্য ভোটাৰৰ নাম সন্নিৱিষ্ট কৰা হৈছে।