আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ ছিৰাজ

dainik janambhumi September 16, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় পেচাৰ মহম্মদ ছিৰাজ ২০২৫ চনৰ আগষ্ট মাহৰ আই চি চিৰ পুৰুষৰ শ্রেষ্ঠ খেলুৱৈ হিচাপে ঘোষিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টত দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনৰ ভিত্তিত ছিৰাজে এই সন্মান লাভ কৰে। 

পঞ্চম টেষ্টখনৰ নাটকীয়তাৰে ভৰা অন্তিম দিনাৰ পুৱাৰ ভাগত ছিৰাজে তিনিটা উইকেটসহ মুঠ ৯টা উইকেট দখল কৰিছিল। 

ছিৰাজৰ সেই স্মৰণীয় প্ৰদৰ্শনৰ সহায়ত ভাৰতে ৫খনীয়া শৃংখলা ২-২ ব্যৱধানত ড্ৰৰে সামৰিছিল। ইফালে, মহিলাৰ শাখাত আয়াৰলেণ্ডৰ অর্লা প্ৰেন্দৰ্গাষ্টে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

Share This