এছ আই টিয়ে তৰা গোচৰ সন্দৰ্ভত অখিল গগৈয়ে ক'লে

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক: জুবিন দাৰ মৃত্যুৰ বাবে দায়ীসকলক নহয়, মোকহে ফাঁচি দিবলৈ চাগৈ চেষ্টা কৰিছে শ্যামকানুক জে'লত মেট্রেছ দিছে। মোকো জে'লত মেট্ৰেছ আৰু কম্বল দিব লাগিব। জুবিনদাৰ মৃত্যুৰ বাবে দায়ীসকলৰ ফাঁচি নহ'ব, মোকহে ফাঁচি দিবলৈ চাগে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে।' 

এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ড° ৰ'জী কলিতাই এছ আই টিয়ে দিয়া চার্জশ্বীট ৰাজহুৱা কৰা, চার্জশীটৰ নিজাববীয়া ব্যাখ্যা দিয়া, অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াকে ধৰি একাধিক অভিযোগত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতেই এই সম্পর্কত প্রতিক্রিয়া প্ৰকাশ কৰি এইদৰেই কয় বিধায়ক-ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। তেওঁ লগতে এইবুলিও কয় যে ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু, সিদ্ধার্থহঁতক জে'লত ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ বাবেহে এনে এখন দুৰ্বল চার্জশীট দাখিল কৰা হৈছে। 

অখিল গগৈয়ে এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ'জী কলিতাক প্রত্যক্ষভাৱে আক্রমণ কৰি কয় যে ৰ'জী কলিতাক সকলো ধৰণৰ এছ আই টিৰ দায়িত্ব দিয়া হয় যাতে এছ আই টিৰ ৰিপ'ৰ্টবোৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ইস্তাহাৰ হয়। তেওঁ লগতে এইবুলিও কয় যে বহু ধৰণৰ দুৰ্নীতিৰ অভিযোগ থকা ৰ'জী কলিতাৰ আয়বহির্ভূত সম্পত্তিৰ সম্পৰ্কত ৰাইজৰ দলৰ গৱেষণা টীমে গৱেষণা আৰম্ভ কৰিছে আৰু এতিয়ালৈকে ৬টা বিষয় উদ্ধাৰ হৈছে। অখিল গগৈৰ এনে বিস্ফোৰণৰ পাছত তেওঁৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাত ৰুজু হোৱা ১৩/২৫ নম্বৰ গোচৰটো কি হ'ব সেয়া লক্ষণীয় হ'ব।

Share This