ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যাবলৈ অসম আৰক্ষীয়ে গ্ৰীন ছিগনেল লাভ কৰিছে। এছ আই টিৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত এছ আই টি ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে। কালি এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। তদন্তকাৰী দলটো অহা ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব। দলটোৱে ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত বহিব। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে অসমৰ পৰা যাবলগীয়া তদন্তকাৰী আৰক্ষীৰ দলটোৱে তাত ছিংগাপুৰৰ আৰক্ষীয়ে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলোৱা তদন্তৰ অগ্ৰগতিৰ লগতে প্ৰৱাসী অসমীয়াসকলে তাত কি ভাষ্য প্রদান কৰিছে সেয়া মিলাই চাব।
তেওঁ নিশ্চিত কৰে যে এছ আই টিৰ দলটোৱে ২০ অক্টোবৰত ছিংগাপুৰলৈ যাত্ৰা কৰিব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ প্রকাশ কৰে যে 'আমাৰ প্ৰিয় জুবিনৰ ন্যায়ৰ দিশত আন এক পদক্ষেপ। ছিংগাপুৰ আৰক্ষী কর্তৃপক্ষই ২১ অক্টোবৰত এ ডি জি পি তথা এছ আই টিৰ মুৰব্বী মুন্না গুপ্তাৰ নেতৃত্বাধীন অসম আৰক্ষীৰ দলটোক সাক্ষাৎ কৰিব। সেই অনুসৰি আমাৰ দলটোৱে ২০ অক্টোবৰত ছিংগাপুৰলৈ যাত্ৰা কৰিব। আমাৰ সামূহিক সংকল্প অটুট আছে- জুবিনৰ বাবে ন্যায়ে প্রাধান্য পাব।' লক্ষণীয় যে বুধবাৰে মুখ্যমন্ত্রীজনে কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰক সাক্ষাৎ কৰিছিল। তেওঁৰ তৎপৰতাৰ বাবেহে অসম আৰক্ষীৰ দলে তালৈ গৈ তদন্ত কৰাৰ পথ প্রশস্ত হোৱা বুলিও তেওঁ সদৰী কৰে। দেশৰ বৈদেশিক পৰিক্ৰমা ম্যালয়ে ছিংগাপুৰ কর্তৃপক্ষক ইতিমধ্যে অসম আৰক্ষীৰ দুজন বিষয়া দ্বীপৰাষ্ট্ৰখনলৈ যাত্ৰা কৰাৰ কথা অৱগত কৰিছে।
ইফালে এছ আই টিৰ মুৰব্বী মুন্না প্রসাদ গুপ্তাই কালি সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে যে ছিংগাপুৰত এছ আই টিয়ে তদন্ত প্ৰক্ৰিয়া সেই দেশৰ চৰকাৰৰ অনুমতি সাপেক্ষেহে কৰিব পাৰিব। এতিয়া সেই দিশত বহু আগবাঢ়িবলৈ সক্ষম হোৱা বুলিও সদৰী কৰি তেওঁ কয় যে এতিয়া অসম আৰক্ষীয়ে অনুমতি লাভ কৰিছে। তালৈ গৈ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে তদন্ত প্রক্রিয়া কেনেদৰে আগবাঢ়িব সবিশেষ আলোচনা কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত থকা ১১জন প্ৰৱাসী অসমীয়াৰ ১০জনৰ সাক্ষ্য ইতিমধ্যে লোৱা বুলিও সদৰী কৰি তেওঁ কয় যে বাকী থকা ৰাজিদ আহমেদ অসমীয়া যদিও সম্প্রতি তেওঁ ছিংগাপুৰৰ নাগৰিকত্ব গ্ৰহণ কৰা বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে। তেওঁৰো ভাষ্য গ্রহণ কৰিবৰ বাবে এছ আই টিয়ে যত্ন কৰি থকা বুলি তেওঁ কয়। তেওঁৰ ভাষ্য গ্রহণ কৰিব পাৰিব বুলি তেওঁ আশাবাদী বুলিও কয়।