মোৰাৰজী দেশায়ে দাখিল কৰিছিল ১০খন বাজেট, একেৰাহে নৱমবাৰলৈ বাজেট দাখিলেৰে অভিলেখ ৰচিব সীতাৰমণে 

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: আজি ১ ফেব্ৰুৱাৰী, দেওবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেট দাখিল দুটা কাৰণত বিশেষ তথা ব্যতিক্রমী হ'ব। সীতাৰমণে আজি একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰি অভিলেখ ৰচনা কৰিব। 

উল্লেখযোগ্য যে প্রাক্তন প্রধানমন্ত্রী মোৰাৰজী দেশায়ে বিভিন্ন কার্যকালত মুঠ ১০খন বাজেট দাখিল কৰিছে যদিও একেৰাহে ন খন বাজেট দাখিল কৰা নিৰ্মলা সীতাৰমণেই হৈছে প্রথম কেন্দ্রীয় বিত্ত মন্ত্রী। দেশায়ে কেন্দ্রীয় বিত্ত মন্ত্রী হিচাপে ১৯৫৯-১৯৬৪ চনত ৬খন আৰু ১৯৬৭-১৯৬৯ চনত ৪খন বাজেট দাখিল কৰিছিল। 

প্রাক্তন কেন্দ্রীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু প্রণব মুখার্জীয়ে বিভিন্ন প্ৰধানমন্ত্ৰীৰ অধীনত ক্রমে ৯খন আৰু ৮খন বাজেট দাখিল কৰিছিল। কিন্তু একেৰাহে ন বাৰ বাজেট দাখিল কৰা নিৰ্মলা সীতাৰমণেই হ'ব প্রথম কেন্দ্রীয় বিত্ত মন্ত্রী। ইফালে আজি বাজেট দাখিল কৰাটোও ব্যতিক্রমী ঘটনা। ইয়াৰ আগতে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত তদানীন্তন বিত্ত মন্ত্রী যশৱন্ত সিনহাই কেন্দ্রীয় বাজেট দাখিল কৰিছিল। 

২৭ বছৰৰ পাছত সীতাৰমণে আজি বাজেট দাখিল কৰে। এইখন বাজেটত অর্থনৈতিক সংস্কাৰক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বাজেট সন্দর্ভত বিশেষজ্ঞ, অর্থনীতিবিদ তথা ট্রেড ইউনিয়ন, শিক্ষা আৰু স্বাস্থ্য খণ্ড, এম এছ এম ই, বাণিজ্য আৰু সেৱা খণ্ড, উদ্যোগ আদি খণ্ডৰ প্ৰতিনিধি, বিত্তীয় খণ্ড আৰু পুঁজি বজাৰৰ সৈতে আলোচনাত মিলিত হৈছিল। লোক সভাত কেন্দ্রীয় বাজেট দাখিল কৰাৰ পাছত সীতাৰমণে দেশৰ বিভিন্ন ঠাইৰ মহাবিদ্যালয়ৰ কিছু শিক্ষার্থীৰ সৈতে বাৰ্তালাপ কৰিব। 

আজি দিনৰ ১১ বজাত সীতাৰমণে বাজেট দাখিল কৰে। উল্লেখযোগ্য যে লোক সভা আৰু ৰাজ্য সভাৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়ে দিয়া অভিভাষণেৰে যোৱা ২৮ জানুৱাৰীত সংসদৰ বাজেট অধিৱেশন আৰম্ভ হৈছিল। ২৯ জানুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে 'অর্থনৈতিক সমীক্ষা ২০২৫-২৬' (ইক'নমিক ছার্ভে ২০২৫-২৬) দাখিল কৰিছিল। এই বাজেট অধিৱেশন ২ এপ্রিললৈকে চলি থাকিব। ১৩ ফেব্ৰুৱাৰীলৈকে প্রথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত ৯ মাৰ্চৰ পৰা ২ এপ্রিললৈ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত মুঠ ৩০খন বৈঠক অনুষ্ঠিত হ'ব। দেওবাৰে খোলা থাকিব শ্বেয়াৰ বজাৰ: ইফালে নেশ্যনেল ষ্টক এক্সচেঞ্জ (এন এছ ই) আৰু বোম্বে ষ্টক এক্সচেঞ্জে (বি এছ ই) ঘোষণা কৰিছে যে আজি বাজেট দাখিল কৰা দিনটো দেওবাৰ হোৱা সত্ত্বেও শ্বেয়াৰ বজাৰ খোলা থাকিব। 

এন এছ ই-এ এখন জাননীত কয়, 'সদস্যসকলক জনোৱা হৈছে যে ১ ফেব্ৰুৱাৰী, ২০২৬-ত বাজেট দাখিল কৰা হ'ব বাবে নিৰ্দিষ্ট বজাৰৰ সময়ত (পুৱা ৯-১৫ বজাৰ পৰা ৩-৩০ বজালৈ) ষ্টক এক্সচেঞ্জ খোলা থাকিব।' হ্রাস পাব পাৰে সোণ-ৰূপৰ দাম: এক ফেব্ৰুৱাৰীত বাজেট দাখিলৰ পাছত সোণ-ৰূপৰ দাম হ্রাস পাব পাৰে বুলি আশা কৰা হৈছে। চৰকাৰে সোণ-ৰূপৰ শুল্ক ৬ শতাংশৰ পৰা ৪ শতাংশ কৰিব পাৰে। যদি এনে হয়, তেন্তে সোণৰ প্ৰতি ১০ গ্ৰামৰ দাম প্রায় ৩ হাজাৰ আৰু ৰূপৰ প্ৰতি ১০ গ্ৰামৰ ৬ হাজাৰ টকা হ্রাস পাব পাৰে। 

উল্লেখযোগ্য যে ২০২৫ চনত সোণৰ দাম ৭৫ শতাংশ আৰু ৰূপৰ দাম ১৬৭শতাংশ বৃদ্ধি পাইছিল। ২০২৬ চনৰ জানুৱাৰীত ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ দাম হৈছে ১.৫ লাখ আৰু এক কিল' ৰূপৰ দাম ৩.৫০ লাখ টকা।

Share This