কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সোমবাৰে ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা

Kakali Deka July 20, 2025

ডিজিটেল ডেস্কঃ কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ । শাওণ মাহত ৰীতি-নীতি অনুযায়ী পূজাৰ ব্ৰত পালন বা নিয়মসমূহ মানি চলিলেহে ব্ৰত আৰু পূজাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰে ভক্ত‌সকলে। ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ হʼলে শাওণৰ প্ৰতি সোমবাৰে উপবাসে থকাটো অতি উত্তম বুলি গণ্য কৰা হয়।

 শাওণৰ সোমবাৰৰ ব্ৰতৰ সম্পূর্ণ সুফল পাবলৈ হ’লে ব্ৰতৰ নিয়মসমূহ আজিয়েই জানি লওক।

শাওণৰ সোমবাৰৰ ব্ৰতৰ সময়ত খাদ্য খোৱা নহয়, এই ব্ৰতত কেৱল ফল খোৱা হয়। শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰিবলৈ পুৱা সোনকালে উঠি শিৱলিংগত পানী ঢালক। তাৰ পিছত বেলপাত, গাখীৰ, গংগা পানী, মৌ, ঘিউ ইত্যাদি আগবঢ়াব। ভগৱান শিৱৰ মন্ত্ৰ ‘ওম নম: শিৱায়’  ৩ বাৰ জপ কৰক। বগা চন্দনৰ  তিলক লগাব। 

ৰীতি-নীতি অনুসৰি শিৱৰ পৰিয়ালক পূজা কৰক। ঘিউৰ চাকি এটা জ্বলাওক। তাৰ পাছত গোটেই দিনটো  উপবাসে থাকিব।

 সন্ধিয়া আৰতি কৰি উঠি তাৰ পাছত ফল-মূল খাব। পিছদিনা পুৱা স্নান কৰি শিৱক পূজা কৰক, তাৰ পাছত উপবাস ভংগ কৰক। এই ব্ৰতৰ সময়ত নিমখ সেৱন কৰিব নালাগে।

Share This