ৰাইডাং চাহ বাগিচাত ঘোঙৰ বিচৰণ

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : বন্যপ্রাণী আৰু জনসাধাৰণৰ মাজত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘাত অব্যাহত থকাৰ মাজতে তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ গাতে লাগি থকা ৰাইডাং চাহ বাগিচাৰ হাঁহচৰা ডিভিজনত কালি চাৰিদিনমান পূৰ্বে পুৱাৰ ভাগত এটা দুষ্প্রাপ্য 'ঘোং' (Black Leopard) দেখা পোৱাৰ পাছতেই বাগিচাখনৰ কাষৰীয়া অঞ্চলৰ লোকসকল শংকিত হৈ পৰিছে। বিশেষকৈ মাত্র কেইদিনমান পূর্বে বাগিচাখনৰ হাঁহচৰা ডিভিজনৰ মটক লাইনৰ ১০নং ছেকশ্যনৰ পৰা বন বিভাগে এটা প্রকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পাছতেই এই বিৰল তথা দুষ্প্রাপ্য ঘোংটো দেখা পোৱাত স্থানীয় ৰাইজ আৰু চাহ শ্ৰমিকসকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে ঘোংটো প্রত্যক্ষ কৰাৰ বাবে উৎসুকতাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ঘোংটোৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত কোনো লোকে আপল'ড কৰাৰ পাছতে ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। 

প্রত্যক্ষদর্শীসকলে জানিবলৈ দিয়া মতে, ঘন জোপোহাৰ মাজেৰেই ঘোংটো পাৰ হৈ গৈছিল। এই সন্দৰ্ভত স্থানীয় এজন লোকে কয়, 'কুঁৱলীৰ মাজত সম্পূর্ণ ক'লা এই জন্তুটোক এটা ভূতৰ দৰেই লাগিছিল। আমি আগতে নাহৰফুটুকী বাঘ দেখিছোঁ, কিন্তু এই জন্তুবিধ আগতে দেখা পোৱা নাছিলোঁ।' উল্লেখযোগ্য যে এই 'ঘোং' হৈছে মূলতঃ নাহৰফুটুকী বাঘ (Leopard) বা জাগুৱাৰৰ এটা মেলানিষ্টিক (melanistic) ৰূপ, যিটো জিনীয় কাৰণত সম্পূৰ্ণ ক'লা বৰণৰ হয়। ইহঁতৰ গাটো সম্পূৰ্ণ ক'লা বা গাঢ় মুগা বৰণৰ হয়, কিন্তু ভালকৈ চালে ক'লা আঁচ বা ফুটবোৰ দেখা পোৱা যায়। এছিয়া আৰু আফ্রিকাত পোৱা ঘোংবোৰ প্ৰধানকৈ নাহৰফুটুকী বাঘ (Panthera pardus)। অসম আৰু উত্তৰ-পূব ভাৰতৰ বনাঞ্চলত এই জন্তুবোৰ দেখা পোৱা যায়। স্বভাৱতঃ ইহঁত বনৰীয়া, অকলশৰীয়া আৰু চিকাৰী প্ৰাণী। ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পক্কে টাইগাৰ ৰিজার্ভ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানতহে এনে ক'লা বাঘৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। 

অৱশ্যে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন চাহ বাগিচা, যেনে ৰাইডাং, দৈমুখীয়া (ৰ'জবেৰী) আৰু দেওহালত নাহৰফুটুকী বাঘৰ চলাচল তথা বিচৰণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বাসস্থানৰ অভাৱ, বনাঞ্চল ধ্বংস আৰু খাদ্যৰ নাটনিৰ বাবে এই বন্যপ্রাণীসমূহ চাহ বাগিচাসমূহক অস্থায়ী বাসস্থান হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে বুলি ধাৰণা কৰিব পাৰি। এই সন্দৰ্ভত বন বিভাগৰ এজন বিষয়াই জনোৱা মতে, বর্তমান হাঁহচৰা অঞ্চলত টহলদাৰী বৃদ্ধি কৰাৰ লগতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। প্রয়োজন সাপেক্ষে কেমেৰা ট্রেপিং আৰু জন্তুটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ'ব বুলিও বিষয়াজনে জানিবলৈ দিয়ে। বন্যপ্রাণী আৰু মানুহৰ মাজত বৃদ্ধি পোৱা সংঘাত নির্মূলৰ বাবে এইক্ষেত্রত এক সুচিন্তিত পদক্ষেপৰ প্ৰয়োজনীয়তা আছে বুলি প্রকৃতিপ্রেমীসকলে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰাইডাং চাহ বাগিচাত যোৱা এটা মাহত ৬টা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়। উক্ত ঘোংটো সমীপৰ চামডাং চাহ বাগিচাতো এজন চাহ শ্রমিকে দেখা পোৱা বুলি জানিব পৰা গৈছে।

Share This