তীর্থস্থানলৈ ৰূপান্তৰ সোণাপুৰৰ কমাৰকুছি

Kakali Deka October 13, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নিকটৱৰ্তী কমাৰকুছিৰ হাতীমূৰাস্থিত প্ৰাণৰ শিল্পী জুবিনৰ সমাধিস্থলী এতিয়া তীর্থস্থানলৈ ৰূপান্তৰ হৈছে। জুবিনবিহীন ২৫টা দিনে অসমৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ জিৰণিস্থলী এৰি যাব পৰা নাই।


পুৱাৰ পৰা নিশালৈ সমাধিস্থলী হৈ থাকে এক পুণ্যভূমি। ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ লোক তথা অনুৰাগীয়ে মৰমৰ জুবিনৰ জিৰণি লোৱা স্থানখিনি পৰিদৰ্শন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। সমান্তৰালভাৱে  দেওবাৰৰ দিনটোতো ৩০ সহস্রাধিক অনুৰাগীয়ে সমাধিস্থলী প্ৰাণৰ শিল্পীগৰাকীক 'জয় জুবিন দা' ধ্বনিৰে শ্রদ্ধা জনায়। 

উল্লেখযোগ্য যে এসময়ত সোণাপুৰৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা স্থানতে মৰমৰ জুবিনে এটা শিলৰ কাষত বহি জিৰণি লৈছিল। আৰু সেই স্থানৰ নিচেই কাষতে প্ৰাণৰ শিল্পীগৰাকীয়ে চিৰদিনলৈ জিৰণি ল'লে। প্ৰাণৰ শিল্পীগৰাকী যে আজি নাই সেই কথা কোনেও মানি ল'ব নোখোজে। কিন্তু অনুৰাগীৰ মনত সদায়ে যেন অমৰ হৈ থাকিব আমাৰ সকলোৰে মৰমৰ জুবিন। 

প্রণিধানযোগ্য যে আজি ২৫টা দিনে সমাধিস্থলীত দিনে-নিশাই অজস্ৰ অনুৰাগীয়ে পুৱাৰ পৰা নিশালৈ জুবিনৰ চিৰশান্তি কামনা কৰাৰ বাবে এগছি বন্তি, ধূপ, গামোচা আদিৰে শ্ৰদ্ধাঞ্জলি জনাই আহিছে। সমান্তৰালভাৱে দেওবাৰৰ দিনটোতো সমাধিস্থলী অভূতপূর্ব অনুৰাগীয়ে মৰমৰ জুবিনক শ্রদ্ধাঞ্জলিৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা দূৰ-দূৰণিৰ অনুৰাগীয়ে সমাধিস্থলীত উপস্থিত হৈ অন্ত্যেষ্টিক্ৰিয়াৰ স্থলীৰ কাষতে চলি থকা নাম-কীর্তন, ভাগৱত পাঠ আদিত ভাগ লৈ মৰমৰ জুবিনলৈ অশ্রু অঞ্জলিৰে সমবেদনা জ্ঞাপন কৰে। 

উল্লেখযোগ্য যে বাছেৰে, ব্যক্তিগত বাহনেৰে তথা মটৰচাইকেলেৰে আহি কালিৰ দিনটোত সৰ্বাধিক অনুৰাগীয়ে ভিৰ কৰে। প্ৰায় ২০ হাজাৰতকৈ অধিক অনুৰাগী সমাধিস্থলীত উপস্থিত থাকে। ইতিমধ্যে সমগ্র সমাধিস্থলীতে বিভিন্ন অঞ্চলৰ পৰা অহা প্রায় ৬৫টা আয়তীসকলৰ নাম, নাগাৰ নামকে ধৰি, যুৱক-যুৱতীসকলেও মৰমৰ জুবিনৰ 'মায়াবিনী', 'মই নথকাৰ বেদনা' আদি সংগীত গাই মৰমৰ জুবিনক শ্রদ্ধাঞ্জলি অর্পণ কৰে। সমান্তৰালভাৱে কালিৰ দিনটোতে উজনি আৰু নামনি দুয়োফালৰ ঘাইপথছোৱা অতি যান-জঁট হয় যদিও যান-বাহন আৰক্ষীয়ে শৃংখলাবদ্ধভাৱে নিয়ন্ত্ৰণ কৰে।

Share This