ডিজিটেল ডেস্ক: আজমতুল্লাহ ওমার্জাইৰ অলৰাউণ্ড প্ৰদৰ্শনৰ জৰিয়তে আই চি চি টি-২০ বিশ্ব কাপৰ গুৰুত্বপূৰ্ণ খেল এখনত কালি ইউ এ ইক ৫ উইকেটত পৰাজিত কৰে আফগানিস্তানে।
গ্ৰুপ 'ডি'ৰ খেলখনত আজমতুল্লাহে ১৫ ৰানত দখল কৰা ৪টা উইকেটৰ সহায়ত ইউ এ ইক ৯ উইকেটত ১৬০ ৰানত সীমিত ৰাখে আফগানিস্তানে। পৰৱৰ্তী সময়ত ইব্রাহিম জড্রানে ৪১টা বলত গোটোৱা ৫৩ আৰু আজমতুল্লাহৰ অবিজিত ৪০ ৰানেৰে আফগানিস্তানে ১৯.২ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ১৬২ ৰান কৰি প্রতিযোগিতাখনত প্রথম জয়ৰ মুখ দেখে। এই জয়েৰে আফগানিস্তানে গ্রুপ 'ডি'ৰ পৰা ছুপাৰ এইটত প্ৰৱেশৰ ক্ষীণ আশা সজীৱ ৰাখিছে।
ইয়াৰ লগতে ৬ পইন্ট গোটাই গ্রুপ 'ডি'ত শীর্ষ স্থানত থকা দক্ষিণ আফ্রিকাই পৰৱৰ্তী ৰাউণ্ডত প্রৱেশ নিশ্চিত কৰিছে। নিউজিলেণ্ড দ্বিতীয় স্থানত থকাৰ বিপৰীতে আফগানিস্তান তৃতীয় স্থানত আছে। ইয়াৰ আগেয়ে ইউ এ ইয়ে ছোহেইব খানৰ ৬৮ ৰানেৰে প্ৰথমে বেট ধৰি ৯ উইকেটত ১৬০ ৰান কৰে। আলীশ্বান ছাৰাফুৱে দ্বিতীয় সর্বাধিক ৪০ ৰানৰ অৱদান যোগায়।