ডিজিটেল ডেস্ক : জনপ্রতিনিধিসকলৰ প্ৰতিশ্ৰুতিৰ পাছত প্রতিশ্রুতিৰ ঢল উঠে। কিন্তু সমস্যা সমস্যা হৈয়েই থাকে। তেনে এক উদাহৰণ সংঘটিত হৈছে বৰপেটা জিলা মন্দিয়া সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰাৰ মিলিজুলি খেলপথাৰখন। খেলপথাৰখনৰ পুতৌলগা অৱস্থাই এতিয়া উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ। মাত্র এজাক বৰষুণতে খেলপথাৰখনত সৃষ্টি হোৱা কৃত্রিম বানৰ ফলত অঞ্চলটোৰ ক্ৰীড়াপ্রেমী, যুৱক, ছাত্র-ছাত্রী আৰু স্থানীয়ই চৰম দুর্ভোগৰ বলি হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, মিলিজুলি বজাৰ আৰু খেলপথাৰখনৰ পৰা পানী ওলাই যোৱাৰ বাবে কোনো উপযুক্ত আৰু বিজ্ঞানসন্মত নলা (Drainage sys-tem) নাই। যাৰ ফলত সামান্য বৰষুণ দিলেই ওচৰ-পাঁজৰৰ পানী আহি খেলপথাৰত জমা হয়। এই জমা হোৱা পানী ওলাই যোৱাৰ পথ নথকাৰ বাবে মাহৰ পাছত মাহ ধৰি খেলপথাৰখন এটা বৃহৎ পুখুৰী সদৃশ হৈ থাকে।
বছৰটোৰ প্রায় ছয় মাহেই এই পথাৰখন ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ। সত্ৰকনৰা অঞ্চলৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ক্রীড়া অনুশীলনৰ একমাত্রস্থলী আছিল এই খেলপথাৰখন। কিন্তু বৰ্তমানৰ অৱস্থাৰ বাবে খেলুৱৈসকলে নিয়মীয়া অভ্যাস কৰিব পৰা নাই। পুৱা-গধূলি খোজকঢ়া জ্যেষ্ঠ নাগৰিকসকলে এতিয়া বোকা-পানীৰ বাবে খেলপথাৰলৈ আহিব নোৱাৰে। খেলপথাৰখনত পানী জমা হৈ থকাৰ বাবে কোনোধৰণৰ সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান বা সামাজিক মিলন মেলা আয়োজন কৰিব পৰা নাই। অঞ্চলটোৰ একমাত্র খেলপথাৰখন এতিয়া পৰিত্যক্ত সদৃশ হৈ পৰিছে।
পানী ওলাই যাবলৈ নলা নথকাৰ বাবে ছাত্র-ছাত্ৰীসকলৰ ক্ৰীড়া প্রতিভা নষ্ট হ'বলৈ ধৰিছে। জনসাধাৰণে চৰকাৰক বহুবাৰ জনোৱাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে। এজাক বৰষুণতে শৰীৰ চৰ্চা কৰা ৰাইজৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিক্ৰিয়াৰ পাছত এতিয়া স্থানীয় ৰাইজে জিলা প্রশাসন তথা বিভাগীয় কর্তৃপক্ষক এই দিশত শীঘ্রে দৃষ্টি দিবলৈ আহ্বান জনাইছে। বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত আৰু খেলুৱৈসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ এটা বিজ্ঞানসন্মত নলা নিৰ্মাণ কৰি খেলপথাৰখন পুনৰ ব্যৱহাৰোপযোগী কৰি তোলাৰ বাবে ৰাইজে একমুখে দাবী জনাইছে।