ডিজিটেল ডেস্ক : অসমত নিষিদ্ধ হ'ব বহু বিবাহ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি প্রথমটো দিনতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক দাখিল কৰে। অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ শীর্ষক উক্ত বিধেয়কখনৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত বিধানসভাত আলোচনা হ'ব আৰু তাৰ পাছত গৃহীত কৰা হ'ব। উল্লেখযোগ্য যে কালি উত্থাপন কৰা বিধেয়কখনত বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে এনে বিবাহৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰা হৈছে। আনহাতে, বিধিগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ বিবাহ কৰিলে তেনে ব্যক্তিক সাত বছৰৰ পৰা দহ বছৰ পর্যন্ত কাৰাবাস দিয়াৰ লগতে জৰিমনা বিহাৰো প্ৰস্তাৱ আছে বিধেয়কখনত।
আনকি এনে বিবাহত সন্মতি দিয়া গাঁওবুঢ়া, কাজিৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা। অপৰাধ কৰা পুৰোহিত বা কাজিয়ে দুবছৰ কাৰাবাস আৰু ডেৰ লাখ পর্যন্ত জৰিমনা ভৰিব লাগিব। অভিভাৱকে যদি প্ৰৱঞ্চনাৰে বহু বিবাহ লুকুৱায়, তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ'ব। এনে ঘটনা বাৰে বাৰে কৰিলে তেনে ব্যক্তিক ১৪ বছৰ কাৰবাসৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, বিধেয়কখনত বহু বিবাহৰ ভুক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ বাবে এটা ফাণ্ডৰ ব্যৱস্থা কৰা হৈছে। বহু বিবাহৰ ভুক্তভোগী হোৱা মহিলাক ক্ষতিপূৰণ দিয়াৰ বাবে এই ফাণ্ড কৰা হ'ব। চৰকাৰৰ পৰা ভুক্তভোগী মহিলাক ক্ষতিপূৰণ দিয়া হ'ব। অৱশ্যে ৰাজ্যৰ জনজাতি লোকসকল এই বিধেয়কৰ আওতাত নপৰিব।
সেইদৰে ষষ্ঠ অনুসূচীৰ এলেকাসমূহত এই বিধেয়কখন বর্তমান প্রযোজ্য নহ'ব। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ সংখ্যালঘু এলেকাত বহু বিবাহৰ সংখ্যা যথেষ্ট। যাৰ ফলত উক্ত অঞ্চলত জনবিস্ফোৰণ ঘটাত ৰাজ্যৰ জনবিন্যাস সলনি হৈ পৰিছে। সেয়েহে ৰাজ্য চৰকাৰখনে জনসংখ্যা নিয়ন্ত্ৰণৰ স্বাৰ্থতে বহু বিবাহ বন্ধ কৰাৰ বাবে আইন প্রণয়ন কৰিবলৈ বাধ্য হৈ পৰিছে।