ইউৰোপৰ বজাৰ দখলৰ বাট মুকলি হ'ল ৰাজ্যৰ প্ৰাকৃতিক, পৰম্পৰাগত সম্পদৰ

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি উন্নত প্রযুক্তিৰে অসমৰ পৰম্পৰাগত আৰু প্ৰাকৃতিক সম্পদক ইউৰোপৰ বজাৰ দখলৰ বাট মুকলি কৰি দিলে। কালি অসম চৰকাৰ আৰু ইউৰোপীয় সংঘৰ উদ্যোগত সোৱাদ, সুগন্ধি, আয়ুষ, চিকিৎসা, খাদ্য সংশাধনৰ বিকাশ আৰু শক্তিশালী যোগান শৃংখল গঢ়াৰ উদ্দেশ্যে গুৱাহাটীত আৰম্ভ কৰা হয় ব্লু-ভেলী ক্লাষ্টাৰ। 

ব্লু-ভেলী ক্লাষ্টাৰ মুকলি কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোটেল ৰেডিশ্যন ব্লুত অংশ লোৱা এখন যৌথ সংবাদমেলত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হার্ভে ডেলফিনে ঘোষণা কৰে যে ইউৰোপীয় সংঘৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্ৰৱেশৰ পথ কালিৰে পৰাই মুকলি হ'ল। সংবাদমেলখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই প্রকল্পটোৰ মূল চালিকা শক্তি হ'ল ৰাজ্যখনৰ কৃষকসকল। কৃষকসকলে প্ৰস্তুত কৰা থলুৱা সামগ্ৰীসমূহে উন্নত প্রযুক্তিৰ সহায়েৰে ইউৰোপীয় দেশসমূহত এখন বজাৰ দখল কৰিব। মুখ্যমন্ত্ৰীজনে লগতে এই বুলিও কয় যে এই প্রকল্পই ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ 'ফ্রী ট্রেড চুক্তি'ৰ আধাৰত অসমৰ বাবে আনিছে এক বৃহৎ সুযোগ। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত কয় যে ৰিজার্ভ বেংক অব ইণ্ডিয়াই অসমক অন্যতম দ্রুতগতিত উন্নয়ন হোৱা ৰাজ্য হিচাপে চিহ্নিত কৰিছে আৰু অহা ৫ বছৰত অসমৰ এক বৃহৎ ৰূপান্তৰ দেখিবলৈ পোৱা যাব। মুখ্যমন্ত্ৰীৰ মতে, অনাগত সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল যিকোনো বিনিয়োগকাৰীৰ বাবে স্বাভাৱিক বিনিয়োগৰ কেন্দ্ৰ হৈ উঠিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত আন এক বৃহৎ ঘোষণা কৰি কয় যে ১, ২ আৰু ৩ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্রমণ কৰিব আৰু ১ জুলাইত গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-জাপানৰ শীর্ষ সন্মিলন। 

'ব্লু-ভেলী ক্লাষ্টাৰ'ৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ প্ৰাকৃতিক সম্পদসমূহ, যেনে- আগৰ, আগৰ মূৰি, চয়াতেল আদিৰ জৰিয়তে কেনেদৰে ইউৰোপৰ লগত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰি ইউৰোপৰ বজাৰ দখল কৰিব পাৰি সেই সম্পর্কে এখন প্রদর্শনীৰ আয়োজন কৰা হয়। কালিৰ এই অনুষ্ঠানত বেলজিয়ামৰ ৰাষ্ট্ৰদূত এইচ ই ডিডিয়েৰ ভেন্দাৰহাচেল্ট, ভাৰত চৰকাৰৰ সচিব চি বি জৰ্জ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বহু সংখ্যক বিষয়া ইউৰোপিয়ান ডিপ্লমেটিক কৰ্প'ৰেশ্যনৰ প্ৰতিনিধি, ফেডাৰেশ্যন অব্ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়াৰ প্রতিনিধি, প্রাগ নিউজৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ, ৰঞ্জিত বৰঠাকুৰকে ধৰি বহুকেইজন আগশাৰীৰ উদ্যোগী আৰু ইউৰোপৰ বহুকেইখন দেশৰ প্ৰতিনিধি উপস্থিত থাকে।

Share This