ভাৰতত বিনিয়োগকাৰীৰ ৭ লাখ কোটি টকা লাভ

dainik janambhumi April 09, 2025

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই কালি শ্বেয়াৰ বজাৰত সৃষ্টি কৰা ধুমুহাৰ পাছত আজি পৰিস্থিতি বহুখিনি উন্নত হয়। কালিৰ হতাশাৰ পাছত আজি বিনিয়োগকাৰীৰ মুখত হাঁহি বিৰিঙি উঠে। কালিৰ ব্লেক মানডে'ৰ পাছত আজি মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত কোনো ধৰণৰ অমংগল নহ'ল। আজি ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটি ভালেখিনি পইন্ট ঊর্ধ্বমুখী হয়


বজাৰৰ লেনদেন চলি থকাৰ অৱস্থাত আজি এটা সময়ত ছেনছেক্স ১৭০০ পইণ্টতকৈ অধিক ওপৰলৈ উঠিছিল। অৱশ্যে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স কালিৰ তুলনাত ১১৩৫ পইন্ট ঊর্ধ্বগামী হৈ ৭৪২০০ পইন্ট হয়গৈ। আনহাতে নিফটি ৩৭৪ পইন্ট ঊর্ধ্বগামী হৈ লেনদেন সামৰাৰ পৰত ২২,৫৩৫ পইন্ট হয়গৈ। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২৯টাক শ্বেয়াৰৰ চাহিদা তথা মূল্য বৃদ্ধি পায়। আজি শ্বেয়াৰ মূল্য সৰ্বাধিক হাৰত ঊর্ধ্বমুখী হোৱা দেখা যায় টাটা গ্ৰুপৰ কোম্পানী টাইটানৰ। টাইটান, বাজাজ ফাইনেন্স আৰু এছ বি আইৰ শ্বেয়াৰ মূল্য আজি ৩%তকৈ অধিক বৃদ্ধি পায়।

ইফালে আজি শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৭.৫০ লাখ কোটি টকা লাভ হয়। কালি শ্বেয়াৰ বজাৰত হোৱা বৃহৎ পতনৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ২০ লাখ কোটি টকা লোকচান হৈছিল। মন কৰিবলগীয়া যে ট্রাম্পৰ শুল্ক যুদ্ধৰ চলিত মাহৰ প্ৰথম সাত দিনত বিনিয়োগকাৰীয়ে প্রায় ২৪ লাখ কোটি টকা হেৰুৱায়। ইফালে এছিয়াৰ বজাৰতো আজি বিনিয়োগকাৰীৰ মাজত উৎসাহ দেখা পোৱা যায়। জাপানৰ সূচকাংক নিক্কেই প্রায় ৬% ঊর্ধ্বমুখী হৈ বন্ধ হয়। হংকঙৰ হেনছেঙো ১.৫১% উত্থান হয়।

Share This