সুৰামত্ত বাহিৰৰ যুৱকৰ সন্ত্ৰাসত অতিষ্ঠ যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ শিক্ষার্থী, পাঁচ শতাধিক ছাত্র-ছাত্রীয়ে ঘেৰাও কৰিলে গড়মূৰ আৰক্ষী চকী

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক: সুৰাৰ ৰাগীত মতলীয়া হোৱা একাংশ যুৱকৰ উচ্ছৃংখল পৰিৱেশে যোৰহাট নগৰৰ লগতে উপকণ্ঠ এলেকাৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। যোৰহাটৰ দৰে শৈক্ষিক-সাংস্কৃতিক দিশত আগবঢ়া অঞ্চলৰ একাংশ যুৱকৰ উচ্ছৃংখল কার্যকলাপে জিলাখনৰ মান-মর্যাদাতো আঘাত কৰা পৰিলক্ষিত হৈছে। 

ফাকুৱাৰ আনন্দ-উৎসৱৰ নামত বুধবাৰে দিনটোত একাংশ যুৱকে মদৰ ৰাগীত মতলীয়া হৈ জিলাখনৰ বিভিন্ন ঠাইত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে। ৰাজ্যৰ আগশাৰীৰ অভিযান্ত্রিক শিক্ষানুষ্ঠান যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ চৌহদত হোলীৰ নামত বুধবাৰে একাংশ সুৰামত্ত যুৱক সোমাই অভব্য আচৰণ কৰাৰ লগতে ছাত্র-ছাত্রীক ভয়-ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত কালি পুৱা জে ই চিৰ ছাত্ৰ-ছাত্ৰীসকলে গড়মূৰ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

অভিযান্ত্রিক মহাবিদ্যালয়খনৰ চৌহদত সোমাই বাহিৰৰ একাংশ যুৱকে মটৰ চাইকেল ষ্টান্ট কৰে চৌহদৰ ভিতৰত থকা জে ই চিৰ খেলপথাৰখনত। অশ্লীল বাক্যবাণ প্রয়োগ কৰি সুৰামত্ত বাহিৰৰ যুৱককেইজনে খেলপথাৰখনত ষ্টাণ্ট কৰি কিছু অনিষ্ট সাধন কৰাৰ লগতে পৰিৱেশ বিনষ্ট কৰে। 

সুৰাসক্ত যুৱকে মহাবিদ্যালয়খনৰ চৌহদত সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰম নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰাত কালি ৰাজপথলৈ ওলাই আহি দোষী ব্যক্তিক কৰায়ত্ত কৰাৰ দাবী তোলে মহাবিদ্যালয়খনৰ কেইবা শতাধিক ছাত্র-ছাত্রীয়ে। ছাত্র-ছাত্রীসকলে গড়মূৰ আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে। 

কালি পুৱা মহাবিদ্যালয়খনৰ কেইবা শতাধিক ছাত্র-ছাত্রীয়ে বাহিৰৰ যুৱককেইজনক কৰায়ত্ত কৰাৰ লগতে মহাবিদ্যালয়ৰ সুস্থিৰ পৰিৱেশ বিনষ্ট কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলি প্রতিবাদ জনায়। প্রায় পাঁচ শতাধিক ছাত্র-ছাত্রীয়ে কৰা প্ৰতিবাদৰ প্ৰতি দৃষ্টি ৰাখি যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিৰাজ হাজৰিকা আৰু গড়মূৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন মহনে মহাবিদ্যালয়খনৰ চৌহদত বিলাসী বাহনেৰে সন্ত্রাস চলোৱা তিনিজনক আটক কৰে। 

আৰক্ষী সূত্রে জনোৱা মতে, গড়মূৰ তিনিআলিৰ অবিনাশ বৰা, সন্দীপ হাজৰিকা আৰু মালৌ আলিৰ এজন নাবালকক আটক কৰাত পৰিস্থিতি শাম কাটে। আৰক্ষীৰ সন্মুখতে আটকাধীন তিনিওজনে এনে পৰিস্থিতি নকৰাৰ প্রতিশ্রুতি লিখিতভাৱে জনোৱাত তেওঁলোকক যাবলৈ দিয়ে বুলি আৰক্ষী সূত্রে জানিবলৈ দিয়ে। 

লক্ষণীয় যে আগশাৰীৰ অভিযান্ত্রিক মহাবিদ্যালয়ত সুস্থিৰ-শৈক্ষিক পৰিৱেশ বিৰাজমান কৰা অৱস্থাত শিক্ষানুষ্ঠানখনৰ বাহিৰৰ যুৱক গৈ পৰিৱেশ বিনষ্ট কৰা কাৰ্যক সচেতন মহলে সহজভাৱে লোৱা নাই। উৎসৱ উদযাপনৰ নামত মদৰ ৰাগীত মতলীয়া হৈ হিতাহিত জ্ঞান হেৰুৱাই উচ্ছৃংখল পৰিস্থিতি সৃষ্টি কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনসংগত ব্যৱস্থা গ্রহণ কৰাটো সচেতন ৰাইজে বিচাৰিছে।

Share This