চাৰি লক্ষাধিক লোকক লৈ চলাইছিল অধ্যয়ন,নিমখৰ বাবেও হয় বহুমূত্ৰ ৰোগ

Jyoti Borah November 08, 2023

 ডিজিটেল ডেস্কঃ বহুমূত্ৰ ৰোগৰ কাৰণে চেনিয়েই দায়ী বুলি ইমান দিনে কৈ অহা হৈছে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই ধাৰণাটো সলনি কৰিছে৷ এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে, বহুমূত্ৰ ৰোগৰ কাৰণে কেৱল চেনিয়েই দায়ী নহয়৷ টাইপ-২ বহুমূত্ৰ ৰোগৰ আশংকা বৃদ্ধিত নিমখেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে আপোনাৰ  যদি খোৱাৰ পাতত অতিৰিক্ত নিমখ লৈ খোৱাৰ অভ্যাস আছে, তেতিয়া হ’লে এতিয়াৰ পৰা সাৱধান হোৱা ভাল৷ এই অধ্যয়নটোৰ পৰা জানিব পৰা মতে বহুমূত্ৰ ৰোগত ভোগা লোকসকলে খোৱাৰ পাতত নিমখ লোৱাটো বন্ধ কৰিব লাগে৷ আমেৰিকাৰ তুলানে বিশ্ববিদ্যালয়ে কৰা অধ্যয়নটোৰ পৰা জানিব পৰা মতে খাদ্য সামগ্ৰীত বাৰে বাৰে নিমখ ছটিয়াই খোৱাটোৱে বহুমূত্ৰ ৰোগ হোৱাত সহায় কৰে৷ 
স্বাস্থ্য বিষয়ক এখন বাৰ্তালোচনীত প্ৰকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ এই অধ্যয়নটো কৰা হৈছিল চাৰি লাখতকৈ অধিক লোকক লৈ৷ এই লোকসকলৰ গড়ে ১১.জ্জ্ব বছৰৰ খাদ্যাভ্যাসৰ তথ্য সংগ্ৰহ কৰা হৈছিল আৰু ইয়াত দেখা পোৱা গৈছিল যে খোৱাৰ পাটত অতিৰিক্তভাৱে নিমখ লৈ নোখোৱা বা কেতিয়াবাহে খোৱা প্ৰায় ১৩ হাজাৰ লোকৰ বহুমূত্ৰ ৰোগ হোৱা দেখা পোৱা গৈছিল৷ ইয়াৰ বিপৰীতে সদায় খোৱাৰ পাতত অতিৰিক্ত নিমখ লৈ খোৱাসকলৰ বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা প্ৰায় ৩৯ণ৷ আনহাতে যিসকলে মাজে মাজে খোৱাৰ পাতত অতিৰিক্ত নিমখ লৈ খায় তেওঁলোকৰ এই ৰোগ হোৱাৰ আশংকা ১৩-২০ণ৷  এই অধ্যয়নটোত গৱেষকৰ দলটোক নেতৃত্ব দিয়া বিশ্ববিদ্যালয়খনৰ স্কুল অব্‌ পাব্লিক হেল্‌থ এণ্ড ট্ৰপিকেল মেডিচিনৰ অধ্যাপক ডাঃ লু কিউৱে কয় যে নিমখৰ সীমিত ব্যৱহাৰে হৃদৰোগ আৰু উচ্ছ ৰক্তচাপৰ আশংকা হ্ৰাস কৰে বুলি সকলোৱে জানে৷ কিন্তু খাদ্যৰ পাতত নিমখ লোৱাটো বন্ধ কৰিলে বহুমূত্ৰ ৰোগ প্ৰতিৰোধত সহায় কৰে বুলি প্ৰথম বাৰলৈ জানিব পৰা গৈছে৷ নিমখে বহুমূত্ৰ ৰোগৰ আশংকা কিয় বৃদ্ধি কৰে সেই বিষয়ত অধিক অধ্যয়নৰ প্ৰয়োজন বুলি তেওঁ লগতে প্ৰকাশ কৰে৷ তেওঁ লগতে এই বুলিও কয় যে অধিক মাত্ৰাত নিমখ খালে মেদবহুলতা তথা গাঠিৰ বিষৰ দৰে বিকাৰ বৃদ্ধি কৰাত সহায় কৰে৷ 

 

Share This