ডিজিটেল ডেস্ক: বিশ্ববন্দিত শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষতে জার্মান ভাষাত বাজি উঠিল সুধাকণ্ঠৰ বিখ্যাত মানৱতাবাদী গীত 'মানুহে মানুহৰ বাবে'।
'দেআ মেনচফুৰ দি মেনশ্যন' শীর্ষক এই গীতটি দেওবাৰে যোৰহাটত ভূপেন হাজৰিকা আন্তর্জাতিক ফাউণ্ডেশ্যনে আয়োজন কৰা তৃতীয় ভূপেন্দ্র মেলত শিল্পীগৰাকীৰ শতাধিক অনুৰাগীৰ উপস্থিতিত বাজি উঠাৰ লগে লগে ৰাইজৰ বিপুল হর্ষধ্বনিৰে বৰ্ণিল পৰিৱেশৰ সৃষ্টি হয়।
অৱসৰপ্ৰাপ্ত বিজ্ঞানী, ভাষা সাহিত্যৰ গৱেষক ড° বিনোদ কুমাৰ গগৈয়ে মূল অসমীয়াৰ পৰা জাৰ্মান ভাষালৈ অনুবাদ কৰা গীতটিত কণ্ঠদান কৰে গায়ক, গীতিকাৰ ৰঞ্জন কুমাৰ দত্তই। জার্মান সাহিত্যৰ সৈতে দীর্ঘদিন জড়িত থকা দিল্লী নিৱাসী ৰীতিমণি গগৈ আৰু এক জার্মান দম্পতীৰ প্রত্যক্ষ সহযোগত প্রস্তুত কৰা গীতটি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ এটি সুন্দৰ উপহাৰ।
আনহাতে, ৰঞ্জন কুমাৰ দত্তৰ ৰচনাৰে সুধাকণ্ঠৰ জীৱনৰ ভিত্তিত ৰচিত আন এটি গীত 'নিষ্পণ্ড নক্ষত্র' এই মেলতে মুকলি কৰা হয়। গীতটিত সুৰ আৰু কণ্ঠদান কৰিছে শুভ্ৰা বৰুৱাই। দুয়োটি গীতৰে ভিডিঅ' সম্পাদনা কৰিছে অন্তৰা শইকীয়াই আৰু এটি গীত সংগীতেৰে সজাইছে ৰাজীৱ শইকীয়াই। সুধাকণ্ঠৰ পৰিয়ালৰ হৈ ভাই বোৱাৰী শোভা হাজৰিকা আৰু শিল্পীগৰাকীৰ নিকট সান্নিধ্য লাভ কৰা শিল্পী কমল কটকী, জ্যোতির্ময় দেৱনাথ, সূর্য গোস্বামী, গীতিকাৰ বিজয় বৰদলৈ আৰু ৰঞ্জন বেজবৰুৱাই দুয়োটি গীত উন্মোচন কৰি এই প্রয়াসক সুধাকণ্ঠৰ সৃষ্টিক বিশ্বসভালৈ লৈ যোৱাৰ এক অতি উল্লেখযোগ্য পদক্ষেপ হিচাপে অভিহিত কৰে। এই মেলতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ অনুবাদ আৰু সংগ্ৰহত দীর্ঘদিন ধৰি ব্ৰতী থকা দুলীয়াজানৰ হেম দত্ত আৰু নগাঁৱৰ কৃষ্ণ দুলাল বৰুৱাকো সম্বর্ধনা জনোৱা হয়।
যোৰহাটৰ ক্ৰেছেণ্ট একাডেমিৰ প্ৰাংগণত সুধাকণ্ঠৰ চৈধ্যটি নির্বাচিত গীতৰ এক সুৰীয়া মেডলিৰে ফাউণ্ডেশ্যনৰ শিল্পীসকলে আৰম্ভ কৰা এই মেলত সুধাকণ্ঠ আৰু জুবিন গাৰ্গৰ প্রতিচ্ছবিৰ সন্মুখত আৰম্ভণিতে শ্রদ্ধাঞ্জলি জনায় সুধাকণ্ঠৰ পৰিয়ালৰ হৈ শোভা হাজৰিকা আৰু ফাউণ্ডেশ্যনৰ সভানেত্রী প্রণীতা বৰুৱাই। ইয়াৰ পাছতে সুধাকণ্ঠৰ ৰচিত আৰু সুৰাৰোপিত বাংলা আৰু হিন্দী গীতসমূহকো ক্রমে বাংলা আৰু হিন্দী ভূপেন্দ্ৰ সংগীতৰূপে স্বীকৃতি দিবৰ উদ্দেশ্যে এটি প্রস্তাৱ পাঠ কৰে ফাউণ্ডেশ্যনৰ সম্পাদক ৰঞ্জন কুমাৰ দত্তই আৰু সমর্থন কৰে সাংস্কৃতিক সম্পাদক জয়ন্ত নাথে। উক্ত প্ৰস্তাৱৰ ওপৰত বক্তব্য আগবঢ়াই কমল কটকী আৰু ৰঞ্জন বেজবৰুৱাই প্ৰস্তাৱটিৰ যুক্তিযুক্ততা বিশ্লেষণ কৰে। ইয়াৰ পাছতে সুৰৰ দেউল সংগীত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ জীৱনৰ প্রথমটি গীত 'কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে' পৰিৱেশন কৰে। সংগীত শিক্ষয়িত্রী জয়া ইৰাণীৰ পৰিচালনাত পৰিৱেশিত হয় গীতটি। একেদৰে যোৰহাটৰ বেংগলী সমাজৰ পৰা সংগীত শিক্ষয়িত্রী ঝুম্পা পাল ঘোষৰ পৰিচালনাত কেইবাগৰাকীও বেংগলী ছাত্ৰ-ছাত্ৰীৰ সমৱেত কণ্ঠত সুধাকণ্ঠৰ আন এটি বিখ্যাত গীত 'আজ জীৱন খুঁজে পাবি' পৰিৱেশন কৰা হয়।
ভূপেন্দ্ৰ সংগীতৰ অন্যতম প্রতিষ্ঠাপক প্রয়াত বিভূচৰণ বৰুৱা সোঁৱৰণী ভূপেন্দ্র মেলত সভানেত্রী প্রণীতা বৰুৱাই ভূপেন্দ্ৰ সংগীত প্ৰতিষ্ঠাৰ সময়ৰ স্মৃতি স্মৰণ কৰি সুধাকণ্ঠৰ লগত পৰিয়ালটোৱে দীর্ঘদিন ধৰি কটোৱা মধুৰ সময়ছোৱাৰ বিষয়ে ৰাইজক অৱগত কৰে। ফাউণ্ডেশ্যনৰ দ্বাৰা বিগত এমাহজুৰি চলাই অহা অনলাইন পৰশমণি মহন্ত সোঁৱৰণী ভূপেন্দ্ৰ সংগীত প্রতিযোগিতাৰ ফলসমূহো এই মেলতে ঘোষণা কৰা হয়। এই অনুসৰি ভূপেন্দ্ৰ সংগীতৰ 'ক' শাখাত প্রথম হয় শ্রুতিমাধুর্য, মান-পত্ৰ আৰু স্মাৰকেৰে পুৰস্কৃত কৰে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জ্যোতির্ময় দেৱনাথ, ৰঞ্জন বেজবৰুৱা, জয়ন্ত নাথ, ৰঞ্জন দত্ত, জিতা বৰুৱা, জিতু স্বাৱন আৰু সুধাকণ্ঠৰ ভতিজী কুঁৱলী হাজৰিকাই সুধাকণ্ঠৰ গীতেৰে আৰু বিশিষ্ট দ্বিতীয় হয় হৃদিষ্ণা শইকীয়া আৰু তৃতীয় স্থান লাভ কৰে আয়ুষ্মান গগৈয়ে। একেদৰে 'খ' শাখাত প্রথম কস্তুৰী কিংকিনী দত্ত, দ্বিতীয় ৰাজকুমাৰী ফাল্গুনী আৰু তৃতীয় স্থান লাভ কৰে প্রীতম দত্তই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ৰণ কোঁৱৰ আৰু উদয়ন বৰাই।
আনহাতে, নৃত্য প্রতিযোগিতাৰ 'ক' শাখাত প্রথম স্থান লাভ কৰে আয়ুশনী বৰুৱা, দ্বিতীয় আৰাণ্যা ভৰদ্বাজ আৰু তৃতীয় নির্মালি কলিতাই। 'খ' শাখাত প্রথম স্থান লাভ কৰে অক্ষধা বৰুৱা, দ্বিতীয় ৰাগিনী হাজৰিকা আৰু তৃতীয় স্থান লাভ কৰে বিশালাক্ষী নেওগে। নৃত্যৰ 'গ' শাখাত প্রথম স্থান লাভ কৰে আয়ুক্ষা কণ্ডলী পাঠক, দ্বিতীয় স্থান যুটীয়াভাৱে লাভ কৰে মনচুন বৰা আৰু প্রিন্সিপ্রিয়া বৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে বিস্তীর্ণা গগৈয়ে। ফাউণ্ডেশ্যনে আয়োজন কৰা ভূপেন্দ্ৰ সংগীতৰ গীত আৰু নৃত্য প্রতিযোগিতাৰ দুয়োটি বিভাগৰে বিজয়ীসকলক দাতা পৰিয়ালসকলে নগদ ধন, তবলাবাদক সূর্য গোস্বামীয়ে শিল্পীসকলৰ লগত তবলা সংগত কৰি সকলোকে মন্ত্রমুগ্ধ কৰে। অনুষ্ঠানটো পৰিচালনা কৰে জয়ন্ত নাথ আৰু ৰঞ্জন কুমাৰ দত্তই।