কাৰ্বি আংলঙৰ চকীহোলাত বিধ্বস্ত ছুখই যুদ্ধ বিমান

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক : কার্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ এক দুর্গম পাহাৰীয়া এলেকাত কালি সন্ধিয়া ভাৰতীয় বায়ু সেনাৰ এখন যুঁজাৰু বিমান দুর্ঘটনাগ্রস্ত হয়। স্থানীয় লোকে প্রকাশ কৰা মতে, কালি সন্ধিয়া জাম্বাবস্তিত কালাপাহাৰৰ ওপৰেৰে এখন বিমান পাৰ হৈ যোৱাৰ সময়তে প্রচণ্ড বিস্ফোৰণ-সদৃশ শব্দ তেওঁলোকে শুনিবলৈ পায়। 

শব্দটো ইমান জোৰেৰে হৈছিল যে আশে-পাশে থকা গাঁওসমূহত আতংক বিয়পি পৰে। আনকি পাহাৰৰ শিখৰত জুই জ্বলি উঠাৰ লগতে ধোঁৱাও স্থানীয় ৰাইজে প্রত্যক্ষ কৰে। ইফালে, কালি সন্ধিয়া প্রায় ৭-৪২ বজাত বায়ু সেনাৰ ছুখই ৩০ যুদ্ধ বিমান এখন যোৰহাট বিমান ঘাটিৰ পৰা নিয়মীয়া অনুশীলনৰ বাবে উৰা মৰাৰ পাছতে ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ কথা বায়ু সেনাই প্রকাশ কৰিছে। সম্প্রতি বায়ু সেনাই বিমানখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। 

ইফালে, শব্দ আৰু জুইৰ সন্ধানত চকীহোলাৰ আৰক্ষীৰ দল এটাও পাহাৰৰ ওপৰলৈ গৈছে যদিও দুর্ঘটনাটো জনবসতিপূর্ণ এলেকাৰ পৰা বহু দূৰত সংঘটিত হোৱাৰ লগতে নিশা গভীৰ হৈ অহাত সমস্যাৰ সৃষ্টি হয়। আনহাতে, বিমানখনৰ পাইলটগৰাকীৰো কোনো তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

Share This