উত্তৰ-পশ্চিম, মধ্য ভাৰতত আগন্তুক ৩ দিনত গ্রীষ্ম প্ৰৱাহ

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক : উত্তৰ-পশ্চিম আৰু মধ্য ভাৰত তথা কাষৰীয়া পূব ভাৰতৰ বিভিন্ন স্থানত অহা ৪-৫ দিন গ্রীষ্ম প্রৱাহ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে এই কথা জনায়। 

বিভাগৰ মতে হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাব, পূব ৰাজস্থান, বিদর্ভ, ছট্টীশগড়, পশ্চিম উত্তৰ প্ৰদেশ, পশ্চিম ৰাজস্থান, মধ্য প্রদেশ, পশ্চিম বংগৰ গাংগেয় অঞ্চল (দক্ষিণ), ঝাৰখণ্ড, ওড়িশা আৰু উত্তৰ প্ৰদেশৰ বিক্ষিপ্ত ঠাইত ২০ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিলৰ মাজত বিভিন্ন দিনত গ্রীষ্ম প্রৱাহ দেখিবলৈ পোৱা যাব। 

আনহাতে মঙলবাৰে বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি অহা ২২ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিলৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উষ্ণতাই ৪২ ডিগ্রী চেলচিয়াচ স্পর্শ কৰাৰ সম্ভাৱনা আছে। কালি বতৰ বিজ্ঞান বিভাগে পুনৰ পূর্বানুমান কৰি কয় যে অহা তিনি দিনত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত প্রচণ্ড গ্রীষ্মপ্রবাহ অব্যাহত থাকিব। মঙলবাৰে উত্তৰ প্রদেশৰ বান্দাত সর্বাধিক ৪৪.২ ডেগ্রী চেলছিয়াচ উষ্ণতাৰ অভিলেখ হয়।

Share This