সংস্থাপনহীন যুৱ-প্ৰজন্মক পঁইতাচোৰা আখ্যা উচ্চতম ন্যায়ালয়ৰ

dainik janambhumi May 16, 2026

ডিজিটেল ডেস্ক : ন্যায়পালিকাক লক্ষ্য কৰি লোৱা একাংশ অধিবক্তা আৰু সমাজকর্মীক কালি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এই লোকসকলক 'পৰজীৱী' বুলি অভিহিত কৰে আৰু এইবুলি সতর্ক কৰি দিয়ে যে আইনী পেছাৰ অপব্যৱহাৰ কৰাৰ প্ৰচেষ্টাক কেতিয়াও সহ্য কৰা নহ'ব। 

দিল্লী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাৰ ডেজিগনেশ্যনৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ মুখ্য ন্যায়াধীশে কয়, 'সমাজত আগৰে পৰা এনেধৰণৰ পৰজীৱী আছে, যি এই ব্যৱস্থাটোৰ ওপৰত আক্ৰমণ কৰে আৰু আপুনিও তেওঁলোকৰ সৈতে হাত মিলাইছে নেকি?' সামাজিক মাধ্যমত সক্রিয় একাংশ যুৱকৰ বিষয়ে উল্লেখ কৰি মুখ্য ন্যায়াধীশ সূর্যকান্তে কয়, 'একাংশ যুৱক পঁইতাচোৰাৰ দৰে। তেওঁলোকে সংস্থাপনো লাভ কৰা নাই বা এই পেছাতো স্থান নাই। তেওঁলোক সংবাদ মাধ্যম, সামাজিক মাধ্যম, আৰ টি আই কর্মী বা আন কর্মী হৈ যাকে তাকে আক্ৰমণ কৰিবলৈ লয়।' তেওঁ স্পষ্টভাৱে কয় যে আদালতে ফেচবুক, ইউ টিউবসহ সামাজিক মাধ্যমত ন্যায়পালিকাৰ বিৰুদ্ধে চলাই থকা কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে। তেওঁ এই বুলি প্রশ্ন কৰে, 'তেওঁলোকে যিকোনো প'ষ্ট কৰি আছে আৰু আমি এইবিলাক দেখি থকা নাই বুলি তেওঁলোকে ভাবে নেকি?' তেওঁ দিল্লীৰ একাংশ অধিবক্তাৰ এল এল বি ডিগ্রীক লৈও গভীৰ সন্দেহ প্রকাশ কৰে আৰু কয়, 'মই এটা গোচৰলৈ অপেক্ষা কৰি আছোঁ, যাৰ ভিত্তিত দিল্লীৰ কেইবাজনো অধিবক্তাৰ ডিগ্ৰীক লৈ চি বি আই তদন্তৰ নিৰ্দেশ দিব পাৰোঁ। তেওঁলোকৰ ডিগ্ৰী প্ৰকৃত হয়নে নহয় তাত মোৰ গভীৰ সন্দেহ আছে।' 

উল্লেখযোগ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ পদ দিয়াৰ প্ৰক্ৰিয়াক লৈ নিৰ্দেশ দিয়াৰ বাবে জনোৱা এখন আৱেদনৰ শুনানি লৈ মুখ্য ন্যায়াধীশে এনেদৰে কয়। অধিবক্তাজনে নিজে আদালতত উপস্থিত হৈ কয় যে তেওঁ তৃতীয়বাৰলৈ আদালতত উপস্থিত। অধিবক্তাজনৰ আৱেদন দাখিলৰ শৈলীক সমালোচনা কৰি মুখ্য ন্যায়াধীশ সূর্যকান্তে কয় যে 'সমগ্র বিশ্ব ছিনিয়ৰ ডেজিগনেশ্যনৰ বাবে যোগ্য হ'লেও আপুনি বোধ নহয়। যদি উচ্চ ন্যায়ালয়ে আপোনাক ছিনিয়ৰ বুলি কয়ো, তেতিয়াও আপোনাৰ পেছাদাৰী মনোভাব দেখি ইয়াক বাতিল কৰিম।'

Share This