কিছুমান গোচৰ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাটো 'উদ্বেগজনক', দেশত জামিন আৱেদনৰ শুনানিৰ প্ৰক্ৰিয়াত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক : জামিনৰ আৱেদনৰ শুনানিৰ বিষয়ত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা বৃদ্ধি তথা পলম হোৱা কথাত উদ্বেগ প্রকাশ কৰি, জামিন আৱেদনৰ নিষ্পত্তি দ্রুত হোৱাটো নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে দেশৰ উচ্চ ন্যায়ালয়সমহলৈ এলানি নির্দেশ প্ৰেৰণ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীয়ে মন্তব্য কৰে যে কেইবাটাও অধিকাৰক্ষেত্ৰত (জুৰিচডিকশ্যন), বিশেষকৈ এলাহাবাদ আৰু পাটনা উচ্চ ন্যায়ালয় অধিকাৰ ক্ষেত্ৰত জামিন আৱেদনৰ শুনানিত বিলম্ব হোৱাটো গুৰুতৰ সমস্যা হৈ আছে। 

জামিন আৱেদনৰ দ্রুত নিষ্পত্তিৰ বাবে নিৰ্দেশাৱলী প্ৰেৰণ কৰি শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূর্যকান্তই কয়, 'পাটনা আৰু এলাহাবাদ উচ্চ ন্যায়ালয় হৈছে আটাইতকৈ সমস্যাজনক।' পীঠে স্পষ্ট কৰে যে এই মন্তব্যবোৰৰ দ্বাৰা সমালোচনা কৰিবলৈ বিচৰা হোৱা নাই, ন্যায়িক দক্ষতা বৃদ্ধি তথা ব্যক্তিগত অধিকাৰৰ সুৰক্ষা দিয়াহে ইয়াৰ লক্ষ্য। ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্রহণ কৰি আছিল, যি গোচৰত পূৰ্বতে উচ্চতম ন্যায়ালয়ে সকলো উচ্চ ন্যায়ালয়ৰ পৰা জামিন আৱেদনৰ সন্দৰ্ভত বিস্তৃত বিৱৰণ বিচাৰিছিল। বেছিভাগ উচ্চ ন্যায়ালয়ে তথ্য দাখিল কৰিছে তথা সময়মতে শুনানি গ্রহণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰিও কয় যে কিছুমান ন্যায়ালয়ত নিষ্পত্তি নোহোৱাৰ অৱস্থা 'উদ্বেগজনক'। 

বিশেষভাৱে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয়, 'ন্যায়াধীশসকলে এদিনত শতাধিক গোচৰৰ শুনানি লোৱা সত্ত্বেও 'নিষ্পত্তি নোহোৱা গোচৰৰ (জামিন আৱেদন) অতি বেছি।' জামিন আৱেদনৰ শুনানি প্রক্রিয়া দ্রুত আৰু সুবিন্যস্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে জামিন আৱেদনবোৰ সাপ্তাহিক বা পষেকীয়াভাৱে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়সমূহক নির্দেশ দিয়ে। যদি কোনো জামিন আৱেদনৰ শুনানি গ্রহণ নকৰাকৈ থাকে প্রতি দুসপ্তাহত স্বয়ংক্রিয় পুনৰ তালিকাভুক্ত কৰাৰ এক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে তদুপৰি নির্দেশ দিয়ে যে নতুনকৈ দাখিল কৰা জামিন আৱেদনবোৰ দাখিল কৰাৰ এদিনৰ পাছত বা এসপ্তাহৰ ভিতৰত শুনানিৰ বাবে তালিকাভুক্ত কৰা উচিত। 

আন এক পদ্ধতিৰ সংস্কাৰত পীঠে নির্দেশ দিয়ে যে জামিন আৱেদনৰ প্ৰথম শুনানিৰ আগত স্থিতি প্রতিবেদন (ষ্টেটাছ ৰিপ'ৰ্ট) দাখিল কৰিবই লাগিব। জামিন আবেদন দাখিল কৰা অধিবক্তাসকলেও বাধ্যতামূলকভাৱে আৱেদনৰ প্ৰতিলিপি এডভোকেট জেনেৰেলৰ কাৰ্যালয় বা মনোনীত সংস্থাক দাখিল কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে আৰু কয় যে অনাৱশ্যক বিলম্বক বাধা দিবলৈ আৱেদন গ্ৰহণৰ পৰ্যায়তে (এডমিশ্যন ষ্টে'জ) জাননী জাৰি কৰাৰ বৰ্তমানৰ প্ৰক্ৰিয়া সাধাৰণতে প্ৰত্যাহাৰ কৰা উচিত। ব্যক্তিগত অধিকাৰত গুৰুত্ব দি পীঠে কয় যে মৌলিক অধিকাৰক সুৰক্ষা দিয়াটো ন্যায়ালয়ৰ 'পবিত্র দায়িত্ব।' ৰাজ্যসমূহত ফৰেনছিক ছায়েন্স লেবৰেটৰীবোৰ স্থাপন হোৱা সত্ত্বেও ফৰেনছিক ৰিপ'ৰ্ট পলম হোৱা কথাতো ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰে। পীড়িত-কেন্দ্ৰিক গোচৰৰ বিষয়ত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে তদন্তকাৰী বিষয়াসকলে বুজা উচিত যে তদন্তত ত্রুটি বা বিলম্বই অৱশেষত অভিযুক্ত ব্যক্তিৰ জামিন অনুমোদনত সহায় কৰিব পাৰে। পীড়িতৰ অধিকাৰৰ বিষয়ত আপোচ নকৰাকৈ জামিন আৱেদনৰ সময়মতে নিষ্পত্তি হ'বলৈ উচ্চ ন্যায়ালয় আৰু তদন্তকাৰী সংস্থাসমূহে 'সহযোগিতা'ৰে কাম কৰাত পীঠে এই কথাত গুৰুত্ব দিয়ে।

Share This