আচৰিত ! স্কুলত শোৱাৰ কাৰণে দিব লাগে মাচুল

Jyoti Borah September 05, 2023

ডিজিটেল ডেস্কঃ স্কুলত সাধাৰণত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে খেলা-ধূলা কৰিবলৈও দিয়া হয়৷ কিন্তু চীনত এখন স্কুলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীক শুবলৈও দিয়া হয়৷ কিন্তু তাৰ কাৰণে মাচুলো দিব লাগে ছাত্ৰ-ছাত্ৰীয়ে৷ 

অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে স্কুলত শোৱাৰ বাবত মাচুলো দিব লগা হয়৷ ছাউথ চাইনা মৰ্নিং প’ষ্টে দিয়া এই বাতৰিটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ চীনৰ দক্ষিণ-পূবৰ গুৱাংডাঙত এই স্কুলখন আছে৷ স্কুলখনৰ এই নতুন নিয়মে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলকো ক্ষুব্ধ কৰি তুলিছে৷ জেছেণ্ড প্ৰাইমাৰী স্কুলত নতুন শিক্ষা বৰ্ষৰ পৰা শোৱাৰ কাৰণে মাচুল উচুল কৰা হৈছে৷ বাতৰিকাকতখনে প্ৰকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত কিছু সময়ৰ কাৰণে শোৱাৰ সুযোগ লাভ কৰিব৷ সেই সময়ত তেওঁলোক শিক্ষকসকলৰ তত্ত্বাৱধানত থাকিব৷ শিক্ষাৰ্থীসকলৰ কাৰণে শোৱাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ স্কুলৰ পৰা গাৰু, তুলি আদি সকলো যোগান ধৰা হ’ব৷ 

শ্ৰেণীকোঠাত ডেস্কত মূৰ পেলাই শুলে ভাৰতীয় মুদ্ৰাৰ হিচাপত ২,৩০০ টকা, মেট পাৰি শুলে ৪,৫০০ টকা, প্ৰাইভেট কোঠাত শুলে ৭,৮০০ টকাকৈ মাচুল দিব লাগিব৷ এই কোঠাটোত শোৱাৰ বাবে বিছনাকে ধৰি সকলো সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে কোনোবাই বিচাৰিলে সেই সময়ছোৱাত ঘৰলৈও যাব পাৰিব৷
 

Share This