ডিজিটেল ডেস্ক: ৰীল লাইফত নহয়, এইবাৰ ৰিয়েল লাইফত বিবাহপাশত আবদ্ধ হ’ল শ্যামন্তিকা। নিজৰ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰি আহিছে জানমণি খ্যাত শ্যামন্তিকা শৰ্মাই। সকলোৰে মৰমৰ অভিনেত্ৰীগৰাকী এতিয়া কইনাৰ সাজত। কিয়নো আজি অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শুভবিবাহ। অৱশেষত অন্ত পৰিল সকলো গুণা-গথাৰ । এতিয়া গোলাঘাটৰ বোৱাৰী হ’বলৈ সাজু হৈছে শ্যামন্তিকা। এই খবৰে এতিয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে।
মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে। যশস্বী পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে আজি হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব শ্যামন্তিকাই। বুধবাৰে অৰ্থাৎ কালি কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত সম্পন্ন হয় শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান।মেহেন্দী অনুষ্ঠানত অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও তাৰকা উপস্থিত থাকে।
উল্লেখযোগ্য যে কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু ভিডিঅ’ত অভিনয় কৰি সকলোৰে মন জয় কৰি থৈছে শ্যামন্তিকাই। বিশেষকৈ ‘জানমণি’ ভি চি ডিখনৰ জৰিয়তে বেছি জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী। অৱশেষত জীৱনৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি শ্যামন্তিকাই সন্ধান পালে নিজৰ প্ৰিয় আৰু সপোনৰ মানুহজনৰ। সুখৰ হওক দুয়োৰে যুগ্মজীৱন।