টি-২০ বিশ্ব কাপ: সুযোগ নোপোৱাজনেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিলে স্মৰণীয় ইনিংছ

dainik janambhumi March 03, 2026

ডিজিটেল ডেস্ক: চলিত টি-২০ বিশ্ব কাপৰ আৰম্ভণিৰ সময়ছোৱাত অভিষেক শৰ্মা বাৰম্বাৰ ব্যৰ্থ হোৱাৰ পাছতো সঞ্জু ছেমজনক সুযোগ দিয়া হোৱা নাছিল। তিলক বার্মাইও ভাল খেলিব পৰা নাছিল। তথাপি মূল একাদশত স্থান পোৱা নাছিল ছেমছনে। পিছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেওবাৰে ছুপাৰ এইটৰ গুৰুত্বপূৰ্ণ খেলখনত লাভ কৰা সুযোগৰ সদ্ব্যৱহাৰ কৰিলে ছেমছনে। 

 

কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে ৫০টা বলত অপৰাজিত ৯৭ ৰান কৰি ভাৰতক বিশ্ব কাপৰ ছেমি ফাইনেললৈ তুলি নিয়াৰ পাছত প্রশিক্ষক গৌতম গম্ভীৰে ছেনজনক বিশ্ব মানৰ ক্রিকেটাৰ বুলি অভিহিত কৰে। খেলৰ অন্তত সংবাদমেলত গম্ভীৰে কয়, 'সঞ্জু ছেমছন এগৰাকী বিশ্ব মানৰ খেলুৱৈ। দলৰ প্রয়োজনৰ সময়ত তেওঁ জিলিকি উঠে। সঞ্জুৱে এই পিটচখনৰ সম্পর্কত ভালদৰে জানিছিল। মই আশা কৰিছোঁ যে ভৱিষ্যতে আমি সঞ্জুৰ পৰা এনেধৰণৰ আৰু ইনিংছ দেখিবলৈ পাম। এই ইনিংছে নিশ্চিতভাৱে সঞ্জুৰ আত্মবিশ্বাস বৃদ্ধি কবিব।'

Share This