তামিলনাডুত চৰকাৰ গঠনক লৈ অনিশ্চয়তা

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক: তামিলনাড়ুত নতুন চৰকাৰ গঠনক লৈ সৃষ্টি হোৱা অনিশ্চয়তা অব্যাহত আছে। টি ভি কেৰ মুৰব্বী চন্দ্ৰশেখৰন যোচেফ বিজয়ে কাইলৈ পুৱা ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ কথা আছিল, কিন্তু ৰাজ্যপালে এতিয়াও দুটা দলৰ সমৰ্থন পত্ৰ লাভ কৰা নাই। সেয়েহে শপত গ্রহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হয়। ৰাজভৱনৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি বিজয়ক শপত গ্ৰহণৰ বাবে ৰাজ্যপালে আমন্ত্রণ জনোৱা নাই। কৰা মতে বিজয়ৰ টি ভি কেৰ প্ৰতি সমর্থন জনোৱা ভি চি কে আৰু আই ইউ এম এলৰ সমৰ্থন পত্ৰ ৰাজ্যপালে লাভ কৰা নাই। ভি চি কেই টি ভি কেক সমর্থন জনোৱাৰ বিনিময়ত উপমুখ্যমন্ত্ৰীৰ পদ বিচাৰিছে। আই ইউ এম এলে জনোৱা মতে তেওঁলোক এম কে ষ্টালিনৰ লগত আছে। 

বিজয়ে ৰাজ্যপালক কালি ১১৬জন বিধায়কৰ সমৰ্থন পত্ৰহে দাখিল কৰে আৰু আন দুটা দলৰ সমৰ্থন পত্ৰ অচিৰেই দাখিল কৰিব বুলি কয়। টি ভি কেক কংগ্ৰেছৰ ৫জন, চি পি আই আৰু চি পি আই(এম)ৰ দুজনকৈ বিধায়কে সমর্থন জনাইছে। দুজন সদস্য থকা ভি চি কেই কালি টি ভি কে লৈ মেইল যোগে সমর্থন পত্ৰ প্ৰেৰণ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পাইছে। ইয়াৰ বিপৰীতে দলটোৱে এই প্রসংগত আজিহে সিদ্ধান্ত ল'ব বুলি আন একাংশ সংবাদ মাধ্যমত প্রকাশ পাইছে। 

উল্লেখযোগ্য যে ২৩৪জনীয়া বিধানসভাৰ নিৰ্বাচনৰ যোৱা চাৰি মে'ত ঘোষণা কৰা ফল অনুসৰি বিজয়ৰ টি ভি কেই ১০৮টা সমষ্টিত জয়লাভ কৰে। বিজয় দুটা সমষ্টিৰ পৰা জয়লাভ কৰাত দলটোৰ পক্ষে থকা বিধায়কৰ সংখ্যা ১০৭জন হয়। ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে ১১৮জন বিধায়কৰ সমৰ্থন প্রয়োজন। বিজয়ে ইয়াৰ আগতে যোৱা ৬ আৰু ৭ মে'তো নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিল, কিন্তু ১১৮জন বিধায়কৰ সমৰ্থন নথকাৰ বাবে তেওঁক ৰাজ্যপালে ঘূৰাই পঠিয়াইছিল। কালি সন্ধিয়া ৰাজ্যপালে বিজয়ক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্রণ জনোৱা বুলি প্রকাশ পায় যদিও পৰিস্থিতি নাটকীয়ভাৱে সলনি হয়। 

ইফালে নতুন দিল্লীৰ পৰা পোৱা বাতৰি মতে, টি ভি কেক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্রণ জনোৱাৰ নিৰ্দেশ দিবলৈ কালি দলটোৱে উচ্চতম ন্যায়ালয়ত আৱেদন জনায়। ইফালে ৰাজ্যখনত কংগ্রেছে টি ভি কেক সমর্থন জনোৱাৰ পাছত ডি এম কেৰ সৈতে থকা মিত্ৰতা ভংগ হয়। ইয়াৰ প্ৰভাৱ লোক সভাতো দেখিবলৈ পোৱা যাব। দলটোৰ নেত্ৰী তথা সাংসদ কানিমোঝি কৰুণানিধিয়ে লোক সভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত দলটোৰ সাংসদসকলৰ বাবে কংগ্ৰেছৰ পৰা পৃথকে আসনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়। তেওঁ পত্ৰখনত কয়, 'পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছৰ সৈতে আমাৰ মিত্ৰতা ভংগ হৈছে। সেয়েহে আমাৰ দলৰ সদস্যসকলৰ বাবে সদনত তেওঁলোকৰ সৈতে বহাৰ ব্যৱস্থাটো অব্যাহত ৰাখিব নোৱাৰি।'

Share This