বাঁহ গোসাঁই উৎসৱেই নহয়, ই জাতিৰ পৰিচয়, তামুলপুৰত শৰণীয়া কছাৰী জনগোষ্ঠীৰ অনুষ্ঠানত বিপুল জনসমাৱেশ

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক : অসমৰ অন্যতম জনগোষ্ঠী শৰণীয়া কছাৰীৰ জাতীয় উৎসৱ 'বাঁহ গোসাঁই' উৎসৱৰ কালি অন্তিম দিনা তামুলপুৰ মহাবিদ্যালয় খেলপথাৰ লোকাৰণ্য হৈ পৰে। কালি পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতীয় পোছাক পৰিধান কৰি শৰণীয়া কছাৰী জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক আহি বাঁহ গোসাঁই উৎসৱস্থলীত সমবেত হয়। শৰণীয়া কছাৰী জনগোষ্ঠীৰ প্ৰতিখন গাঁওৰ পৰা ৬৫ ডাল সুসজ্জিত বাঁহ গোসাঁই সজাই-পৰাই তামুলপুৰ ঘগ্ৰাচকৰ লেহো বড়ো ক্ষেত্ৰৰ পৰা শোভাযাত্ৰা কৰি বৰনগৰস্থিত উৎসৱস্থলীত প্ৰৱেশ কৰাৰ লগে লগে এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হয়। প্রতিকূল বতৰকো নেওচি সমৱেত হয় হাজাৰ হাজাৰ শৰণীয়া কছাৰীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক। দুপৰীয়া ১২ বজাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ মহিলাসকলে পৰিৱেশন কৰা এটি সমৱেত সংগীত আৰু ২০০ মহিলা আৰু শিশুৰ মাছমৰীয়া নৃত্যৰে মুকলি সভাখন আৰম্ভ কৰা হয়। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্রবীণ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্রাক্তন সভাপতি ৰামেশ্বৰ ডেকাই। উদ্বোধনী ভাষণত ৰামেশ্বৰ ডেকাই কয়, বাঁহ গোসাঁই শৰণীয়া কছাৰী জনগোষ্ঠীৰ উপাস্য দেৱতা। শৰণীয়া কছাৰী সমাজত এহেজাৰ নাচনীৰ সৃষ্টিৰ মূলতে শৰণীয়া কছাৰীৰ বাঁহ গোসাঁই উৎসৱ। 

সাংবিধানিকভাৱে শৰণীয়া কছাৰীসকল অসমৰ জনজাতীয় জনগোষ্ঠীৰ লোক। তেওঁ পুনৰ কয়, অসমৰ জনজাতীয় জনগোষ্ঠীৰ লোক শৰণীয়া কছাৰীসকল জনজাতীয় তালিকাৰ পৰা বাদ পৰা নাই। শৰণীয়া কছাৰী জনগোষ্ঠীৰ সংগঠনসমূহৰ সবল নেতৃত্বৰ বাবে শৰণীয়া কছাৰীসকল আগুৱাই গৈছে। বাঁহ গোসাঁই উৎসৱ কেৱল উৎসৱেই নহয়, ই সমন্বয়ৰ প্রতীক। বাঁহ গোসাঁই সংস্কৃতিয়েই শৰণীয়া কছাৰী জাতিৰ পৰিচয়। সভাত অংশ গ্রহণ কৰি কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উমেশ চন্দ্র ডেকাই কয় - শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই এটা উৎসৱেই নহয় ই জাতিৰ পৰিচয়। বাঁহ গোসাঁই কৃষি কেন্দ্রিক উৎসৱ। ভাষণত ডেকাই কয়- বিশ্বজুৰি ক্ষুদ্র ক্ষুদ্র জাতি-জনগোষ্ঠীসকল বিপন্ন। সভাত কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই কয়- শৰণীয়া কছাৰী জনগোষ্ঠীৰ মূল সমস্যা এটাই। সেয়া হ'ল জনজাতিৰ প্ৰমাণপত্ৰৰ সমস্যা। শৰণীয়া কছাৰীসকল সংগঠিত হোৱাৰ সময় এয়া বুলি উল্লেখ কৰি কয়- ইতিপূৰ্বৰে পৰা শৰণীয়া কছাৰীসকল নিজৰ ভাষা সংস্কৃতি পৰিহাৰ কৰি অসমীয়া জাতি গঠন প্রক্রিয়াত চামিল হোৱা দেখা যায়। এতিয়া জাতিটোৱে নিজৰ কথা ভাবিবৰ হ'ল। সভাত অংশ গ্রহণ কৰি অসম সাহিত্য সভাৰ মুখ্য সম্পাদক দেৱজিৎ বৰাই কয়, মুকছা থকালৈকে শৰণীয়া কছাৰী জনগোষ্ঠী হেৰাই নাযায়। জাতীয় সাজপাৰ পিন্ধি আজি বাঁহ গোসাঁই উৎসৱস্থলীত সমবেত হৈ শৰণীয়া কছাৰী লোকসকলে মহামিলন থলীত পৰিণত কৰিছে। এটা সুশৃংখলিত জাতি হিচাপে অসমত বসবাস কৰা শৰণীয়া কছাৰীসকলে জনজাতীয় মর্যাদা ঘূৰাই পাব লাগিব। সভাত অংশ গ্রহণ কৰি শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি লোকশ্রী সোণবৰ বৰুৱাই কয়, শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই জনগোষ্ঠীটোৰ উপাস্য দেৱতা। সম্প্ৰতি শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি বহু আগবাঢ়ি গ'ল। শৰণীয়া কছাৰীসকলৰ এনে উত্থান দেখি এচাম জনগোষ্ঠী বিৰোধী লোকে জাতিটোৰ মৰ্যাদা হানি কৰাৰ বাবে উঠি পৰি লাগিছে যদিও সফল হব পৰা নাই। জনগোষ্ঠীয় মর্যাদা অক্ষুণ্ণ ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যাম। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই আঁত ধৰা সভাখনত ছমৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ধীৰেশ্বৰ দাস, বীৰঝৰা মহাবিদ্যলয় বঙাইগাঁওৰ নৃতত্ত্ব বিভাগৰ অতিথি অধ্যাপক ড° অংগনা গোস্বামী, বি টি চিৰ মনোনীত সদস্য ৰিদীপ শৰণীয়া, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগেন বড়ো, অসম চৰকাৰী আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বিমল ডেকাই বক্তব্য প্রদান কৰে। 

ইয়াৰ পূৰ্বে কালি পুৱা ৮ বজাত গোসাঁই ধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অতুল নাৰ্জাৰীয়ে। পুৱা ৮-১৫ বজাত শৰণীয়া-কছাৰী জাতীয় সংগঠনসমূহৰ পতাকা উত্তোলন কৰে সংগঠনকেইটাৰ সভাপতিসকলে। পুৱা ৯-৩০ বজাত জুবিন গাৰ্গৰ স্মৃতিত শ্রদ্ধাঞ্জলি অর্পণ কৰে অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি উমেশ চন্দ্র দাসে। নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰে সফল সামৰণি পৰে শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় গোসাঁই বাঁহ উৎসৱৰ।

Share This