বর্ষাপাৰাত টীম ইণ্ডিয়াৰ বিশাল বিজয়

dainik janambhumi January 26, 2026

ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ বিৰুদ্ধে বর্ষাপাৰাত ৫খনীয়া টি-২০ শৃংখলা দখল কৰাটো নিশ্চিত কৰিলে ভাৰতে। অসম ক্রিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত তৃতীয়খন টি-২০ ক্রিকেটত নিউজিলেণ্ডক ৮ উইকেটত হৰুৱাই শৃংখলাত ৩-০-ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰে ভাৰতে। 

 

অতিথি কিৱিবাহিনীৰ ৯ উইকেটত ১৫৩ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে অভিষেক শর্মা (অপঃ ৬৮) আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ (অপঃ ৫৭) বেটিং বিক্ৰমৰ সহায়ত ১০ অ'ভাৰতে দুটা উইকেট হেৰুৱাই ১৫৫ ৰান কৰি জয়ী হয়। অ'পেনাৰ অভিষেকে ২০টা বলত অবিজিত ৬৮ আৰু অধিনায়ক সূর্যকুমাৰে ২৬টা বল খেলি ৫৭ ৰানত বেট ধৰি থাকে। আনগৰাকী অ'পেনাৰ সঞ্জু ছেমছনে কোনো ৰান নকৰাকৈ আউট হোৱাৰ বিপৰীতে ঈশান কিষাণে ২৮ ৰানৰ অৱদান যোগায়। 

 

ইয়াৰ আগেয়ে ভাৰতীয় বলাৰে নিয়ন্ত্রিত বলিঙৰ জৰিয়তে নিউজিলেণ্ডক ৯ উইকেটত ১৫৩ ৰানত সীমিত ৰাখিছিল। প্রথমে ফিল্ডিং কৰা ভাৰতৰ সৰ্বাধিক সফল বলাৰত পৰিণত হোৱা যশপ্রীত বুমৰাহে ১৭ ৰানত তিনিটা উইকেট দখল কৰে। হার্দিক পাণ্ডিয়া (২-২৩), স্পীনাৰ ৰবি বিষ্ণই (২-১৮) আৰু হর্ষিত ৰাণাইও (১-৩৫) হিচাপী বলিঙেৰে নিউজিলেণ্ডৰ বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম হয়। কিৱিবাহিনীৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৪৮ ৰান কৰাৰ বিপৰীতে মার্ক চেপমেন (৩২) আৰু মিচেল ছাণ্টনাৰে (২৭) উপযোগী বৰঙনি যোগায়।

Share This