ডিজিটেল ডেস্ক : অহা বছৰ অনুষ্ঠিত হ'ব এদিনীয়া বিশ্ব কাপ। তাৰ ডেৰ বছৰ আগেয়ে ২০জনীয়া সম্ভাব্য দল বাছি উলিয়াইছে নির্বাচকে। অর্থাৎ ২০০গৰাকী খেলুৱৈক চিহ্নিত কৰি ৰখা হৈছে, যিসকলক দলত অন্তর্ভুক্ত কৰা হ'ব। আই পি এলত তেওঁলোকৰ প্রদর্শনত দৃষ্টি ৰখা হ'ব।
নির্বাচক কমিটীৰ সদস্যসকলে তেওঁলোকে বাস কৰা অঞ্চলৰ আশে-পাশে থকা খেলপথাৰত আই পি এলৰ খেল প্রত্যক্ষ কৰিব। তাত থকা সম্ভাব্য ক্রিকেটাৰসকলৰ প্ৰদর্শনত চকু ৰাখিব। সেই অনুসৰি শিৱসুন্দৰ দাসে কলকাতাৰ পৰা খেল চোৱাৰ সম্ভাৱনা আছে। অজিত আগৰকাৰে মুম্বাইৰ খেল চাব। আৰ পি সিং আৰু অজয় ৰাষ্ট্ৰাই দিল্লীৰ মেচ আৰু প্ৰজ্ঞান ওঝাই বেংগালুৰু আৰু হায়দৰাবাদৰ খেল চাব।
বি চি চি আইৰ এগৰাকী কর্মকর্তাই সংবাদ মাধ্যমক কয়, 'ব'র্ডে বিচাৰে যে প্ৰতিগৰাকী নির্বাচকে খেলপথাৰলৈ গৈ সপ্তাহত কমেও এখন আই পি এলৰ মেচ চাব লাগে। তাৰ পাছত ৫ গৰাকী নির্বাচকে এসপ্তাহত ৫খন মেচ চাব। ইয়াৰ বাহিৰেও তেওঁলোকে টিভিত মেচ চাব পাৰিব।' জানিব পৰা মতে, এদিনীয়া বিশ্ব কাপৰ বাবে চিনাক্ত কৰা ২০ গৰাকী খেলুৱৈক এইবাৰৰ আই পি এলত পর্যবেক্ষণত ৰখা হ'ব। ইয়াৰ উপৰি, যদি কোনো নতুন তাৰকা ওলাই আহে তেন্তে তেওঁকো চিনাক্ত কৰা হ'ব।