ডিজিটেল ডেস্ক : ভাৰতে ২০২৫ চনত বাংলাদেশত বগা বলৰ শৃংখলা খেলাৰ কথা আছিল, পিছে বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে উক্ত শৃংখলা পিছুৱাই দিয়া হয়। বাংলাদেশ ক্রিকেট ব'ৰ্ডে শুকুৰবাৰে উক্ত শৃংখলা এইবছৰ আয়োজন কৰাৰ কথা ঘোষণা কৰিছে। অৱশ্যে এই পর্যন্ত বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত হৈয়েই আছে।
বাংলাদেশ ক্রিকেট ব'ৰ্ডৰ (বি চি বি) এগৰাকী কৰ্মকৰ্তাই কয়, 'ভাৰত আৰু বাংলাদেশৰ মাজৰ যি শৃংখলা স্থগিত ৰখা হৈছিল, তাৰ সূচী নতুনকৈ প্রকাশ কৰা হৈছে। বি চি বিৰ শেহতীয়াকৈ ঘোষিত সূচী অনুসৰি, তিনিখন এদিনীয়া ক্রমে ১, ৩ আৰু ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আনহাতে ৯, ১২ আৰু ১৩ ছেপ্টেম্বৰত হ'ব তিনিখন টি-২০ মেচ।
সীমিত অ'ভাৰৰ শৃংখলাৰ বাবে ভাৰতীয় দলে অহা ২৮ আগষ্টত বাংলাদেশত উপস্থিত হ'ব। অৱশ্যে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ বাবে বি চি চি আয়ে দেশখনলৈ দল প্ৰেৰণ কৰিবলৈ সন্মত হ'ব বুলি নিশ্চিত নহয়। উল্লেখযোগ্য যে যোৱা বছৰত জুলাইত ভাৰতৰ বাংলাদেশ ভ্রমণ অনির্দিষ্টকাললৈ বাতিল কৰা হৈছিল আৰু বগা বলৰ ছমহীয়া শৃংখলা ১ বছৰলৈ স্থগিত ৰখা হৈছিল।