দিল্লীৰ মালব্য নগৰত ভয়ংকৰ অগ্নিকাণ্ড, ৫ মহলীয়া হোটেলত অগ্নিদগ্ধ হৈ ২১ আৱাসীৰ প্ৰাণহানি

dainik janambhumi June 04, 2026

ডিজিটেল ডেস্ক : ৰাজধানী দিল্লীৰ মালব্য নগৰস্থিত ফ্লৰিছ ষ্টে হোটেলত কালি হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ১১জন বিদেশী নাগৰিকসহ ২১জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয়। নিহতসকলৰ ৯জন আফ্ৰিকাৰ আৰু দুজন তুর্কমেনিস্তানৰ। ইফালে অগ্নিকাণ্ডটোত নিহত হোৱা ১০জন ভাৰতীয়ৰ ভিতৰত আঠজন পৰস্পৰৰ আত্মীয়। ইয়াৰে তিনিজন ৰাজস্থানৰ আৰু ৫জন হাৰিয়ানাৰ বাসিন্দা। দুর্ঘটনাটোত মুঠ ৩৫জন লোক আহত হয় আৰু ইয়াৰে ১৯জনৰ অৱস্থা সংকটজনক। দিল্লীৰ অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় লোকৰ মতে, জুই প্রথমে কালি পুৱা ৮-৩০ বজাত হোটেলখনৰ ৰেস্তোৰাঁত লাগে। পাছত জুই তলৰ মহলা আৰু ওপৰত থকা হোটেলৰ কোঠালৈ বিয়পে। 

দিল্লীৰ অগ্নিনির্বাপক বাহিনীৰ মুৰব্বী অভিলাষ মালিকে কয়, 'অগ্নিনির্বাপক বাহিনীয়ে হোটেলখনৰ পৰা ৩৭জন লোকক উদ্ধাৰ কৰি বাহিৰলৈ আনে। হোটেলখনৰ 'ফায়াৰ এন অ' চি' নাছিল। হোটেলখনত ২৫টা কোঠা আছে।' ইফালে একাংশ ভিডিঅ'ত দেখা পোৱা মতে, জুই লগাৰ সময়ত একাংশ লোকে নিজৰ প্ৰাণ বচোৱাৰ কাৰণে তৃতীয় তথা চতুৰ্থ মহলাৰ পৰা তললৈ জঁপিওৱা দেখা পোৱা গৈছে। স্থানীয় লোকে তেওঁলোকৰ বাবে তলত মেট্রেছ পাৰি দিয়ে। ছমহলীয়া হোটেলখনৰ ভৱনটোৰ গ্রাউণ্ড ফ্ল'ৰত থকা বি-এন-বি ৰেস্তোৰাঁত প্রথমে জুই লাগে। কিছুসময়ৰ পাছত জুই ওপৰৰ মহলালৈ বিয়পে। জুই লগাৰ সময়ত বিস্ফোৰণৰ শব্দও হৈছিল আৰু ৰেস্তোৰাঁখনত থকা চিলিণ্ডাৰৰ বিস্ফোৰণ হয়। জানিব পৰা মতে হোটেলখনৰ কাষতে সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এ আই আই এম এছ) আৰু মেক্স হস্পিটেল আছে। চিকিৎসালয় দুখনত চিকিৎসা কৰিবলৈ অহা লোকসকলৰ আত্মীয় এই হোটেলখনতে থাকে। ফ্লৰিছ ষ্টে গেষ্ট হাউছক 'ব্রেড আৰু ব্রেকফাষ্ট' সুবিধাৰ অধীনত অনুজ্ঞাপত্র দিয়া হৈছিল। ইয়াত মাত্র ছটা কোঠাৰহে অনুমতি দিয়া হৈছিল, কিন্তু হোটেলখনত ২৫টা কোঠা নির্মাণ কৰা হয়। ইফালে দিল্লী চৰকাৰে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিয়ে। ইফালে স্থানীয় লোকে কৰা অভিযোেগ মতে, জুই লগাৰ প্ৰায় ১ ঘণ্টাৰ পাছতহে অগ্নিনির্বাপক বাহিনীৰ লোক তাত উপস্থিত হয়। ইফালে অগ্নিকাণ্ডটোত নিহত ভাৰতীয় লোকসকলৰ ভিতৰত আঠজন আত্মীয় মেক্স হস্পিটেলত চিকিৎসাধীন এজন ব্যক্তিৰ আত্মীয়। পৰিয়ালৰ জ্যেষ্ঠ সদস্য ৰাধেশ্যাম আগৰৱাল মেক্স হস্পিটেলত ভর্তি হৈ আছিল। গুৰুগ্ৰামৰ ছেক্টৰ-৪৬ৰ নিৱাসী ৮০ বছৰীয়া ৰাধেশ্যাম আগৰৱালৰ পৰিয়ালৰ সদস্যসকল এই হোটেলখনতে আছিল। অগ্নিকাণ্ডৰ সময়ত ৰাধেশ্যাম আগৰৱালৰ ৪৮ বছৰীয়া পুত্ৰ, বোৱাৰী, পত্নী আৰু দুই নাতি অগ্নিকাণ্ডৰ সময়ত তাতে আছিল আৰু জুই তথা চিলিণ্ডাৰ বিস্ফোৰণৰ পৰা তেওঁলোকে নিজকে বচাব নোৱাৰিলে। চিকিৎসালয়ত তেওঁলোকক মৃত ঘোষণা কৰা হয়। 

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে এই ঘটনাত গভীৰ দুখ প্রকাশ কৰে। তেওঁলোকে এই হৃদয়বিদাৰক ঘটনাত নিহত হোৱা লোকসকলৰ আত্মীয়ৰ প্ৰতি গভীৰ সমবেদনা প্রকাশ কৰে। আনহাতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে নিহতৰ আত্মীয়লৈ দুই লাখ টকাকৈ আৰু আহতক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। এই ঘটনাত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণেও গভীৰ শোক প্ৰকাশ কৰে।

Share This