ডিজিটেল ডেস্ক: 'মই বিগত কেইবা দশক ধৰি গীত গালোঁ। এতিয়া এই ক্ষেত্ৰখনৰ পৰা আঁতৰাৰ কথা ভাবিছোঁ। পিছে ৰাইজৰ অকুণ্ঠ মৰম-চেনেহৰ বাবে আঁতৰিব পৰা নাই। ইয়াৰ মাজতে আকৌ দল-সংগঠন-অনুষ্ঠানসমূহে আগবঢ়োৱা বঁটা-সন্মানে মোক পুনৰ গান গাই যোৱাৰ প্ৰেৰণা যোগায়। সেয়ে, মাজে সময়ে গীত গাই ৰাইজৰ মৰম-চেনেহৰ মাজতে থাকিব লাগিব বুলি ভাবিছোঁ।'- এই মন্তব্য স্বনামধন্য শিল্পী দ্বীপেন বৰুৱাৰ।
কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত 'মঘাই-মোহন কৃষ্টি সংঘ, অসম'ৰ 'মঘাই-মোহন বঁটা-২০২৫' গ্রহণ কৰি চমু ভাষণত এনেদৰে কয় যশস্বী শিল্পীগৰাকীয়ে। ভাষণৰ মাজতে তেওঁ কণ্ঠদান কৰা 'অ' মইনা কোন বিধাতাই...' গীতটিৰ এটি কলি গাই উপস্থিত সকলোকে মন্ত্রমুগ্ধ কৰে।
উল্লেখযোগ্য যে বিগত বৰ্ষসমূহৰ নিচিনাকৈ এইবেলিও 'মঘাই-মোহন কৃষ্টি সংঘ'ই ৰাজ্যৰ দুই স্বনামধন্য শিল্পী ক্রমে দ্বীপেন বৰুৱা আৰু উপকূল বৰদলৈক 'মঘাই-মোহন বঁটা' প্ৰদানৰ বাবে জুৰি সমিতিৰ বাছনি অনুসৰি নিৰ্বাচিত কৰে। কালি এই বঁটা প্ৰদানৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠান বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছতে শ্রীনগৰ সাহিত্য সভা আৰু পূব গুৱাহাটী লেখিকা সংস্থাৰ সদস্যসকলে আৰম্ভণী গীত পৰিৱেশন কৰে। ইয়াৰ পাছত যশস্বী শিল্পী দ্বীপেন বৰুৱাক সমাজহিতৈষী-জ্ঞান অন্বেষী ভগৱান চন্দ্ৰ মজুমদাৰ সোঁৱৰণী 'মঘাই-মোহন বঁটা-২০২৫' আৰু বিশিষ্ট অভিনেতা উপকূল বৰদলৈক নাট্য সম্রাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী 'মঘাই-মোহন বঁটা-২০২৫' ৰে সন্মানিত কৰা হয়। এই বঁটাত গামোচা, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, স্মাৰক আৰু নগদ ২৫ হেজাৰ টকা আছে। 'মঘাই-মোহন কৃষ্টি সংঘ'ৰ সভাপতি নৱ কুমাৰ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট শিল্পী উপকূল বৰদলৈয়ে ভাষণত দুগৰাকী বৰেণ্য ব্যক্তি-লোক-সংস্কৃতিৰ গণশিল্পী মঘাই ওজা ওৰফে মঘাই বৰুৱা আৰু মোহন ভাৱৰীয়া বা মোহন ভাইৰা ওৰফে মোহন চন্দ্ৰ বৰ্মনৰ জীৱনৰ বিষয়ে আলোকপাত কৰে।
কালিৰ এই অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰা ক্ৰমে অসম নাট্য সন্মিলনৰ সভাপতি বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা আৰু প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক-জ্যেষ্ঠ সাংবাদিক দেৱজিত ভূঞাই নিজৰ নিজৰ ভাষণত মঘাই ওজা আৰু মোহন ভাৱৰীয়াৰ জীৱনৰ ঘাত-প্রতিঘাতৰ বিষয়ে বর্ণনা কৰে। তেওঁলোকে বৰেণ্য এই ব্যক্তিদ্বয়ৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব বুলিও ভাষণত ব্যক্ত কৰে। কালিৰ এই অনুষ্ঠানত বৰভাগ ৰত্ন বিশিষ্ট শিক্ষাবিদ চানাৰাম কলিতা সোঁৱৰণী 'মঘাই-মোহন উদগনি বঁটা' প্রদান কৰা হয় একশৰণ ভাগৱতী সমাজ, অসমৰ গুৱাহাটী মহানগৰ জিলা নামঘৰৰ নামতী দলক।
বিশিষ্ট সমালোচক বিপুল শৰ্মাই আঁত ধৰা কালিৰ এই বঁটা প্ৰদান অনুষ্ঠানত 'মঘাই-মোহন কৃষ্টি সংঘ, অসম'ৰ কাৰ্যকৰী সভাপতি ব্রজমোহন চৌধুৰী, সম্পাদক পুলিন্দ্ৰ দেৱশৰ্মা, কোষাধ্যক্ষ অপর্ণা মজুমদাৰকে ধৰি আন বহু ব্যক্তি উপস্থিত থাকে। আয়তীৰ উৰুলি, মংগলধ্বনি, গীতে-মাতে কালি প্রেছ ক্লাবত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।