ডিজিটেল ডেস্ক : বেচৰকাৰী সংস্থা বিন্দু স্মাৰ্টৰ উদ্যোগত প্রকাশিত মাহেকীয়া অসমীয়া আলোচনী বিন্দুৰ সাহিত্য বঁটা কালি গুৱাহাটী প্ৰেছ ক্লাবত প্রদান কৰা হয়। ২০১৮ বৰ্ষৰ পৰা আৰম্ভ হোৱা বিন্দু সাহিত্য বঁটাৰ গল্প সংকলন পাণ্ডুলিপি প্রতিযোগিতাত এইবাৰ দ্বিতীয় পুৰস্কাৰ লাভকৰিছে দৈনিক জনমভূমি কাকতৰ সাংবাদিক নিতুল চাংমায়ে। 'সূর্যাস্তৰ হাঁহি' নামৰ গল্প সংকলনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে।
উল্লেখযোগ্য যে ষষ্ঠ বার্ষিক ড° দণ্ডীনাথ চৌধুৰী আৰু ড° পাৰুল চৌধুৰী সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্রতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী বেংগালুৰু নিৱাসী প্ৰিয়ংকা বৰুৱাক তেওঁৰ উপন্যাসৰ পাণ্ডুলিপি মায়ানীড়', প্রথম বার্ষিক নৰেন্দ্ৰ নাথ দাস আৰু প্ৰভা দাস সোঁৱৰণী চুটি গল্প সংকলনৰ পাণ্ডুলিপি প্রতিযোগিতাৰ শ্ৰেষ্ঠ পাণ্ডুলিপি 'বেঙুনীয়া বাগিচা'ৰ বাবে নলবাৰী নিৱাসী গীতিমা ভাগৱতীক আৰু প্ৰথম বার্ষিক প্রভা ঠাকুৰীয়া সোঁৱৰণী প্ৰবন্ধ সংকলনৰ পাণ্ডুলিপি প্রতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী তেজপুৰৰ নিৱাসী গায়ত্ৰী দেৱী বৰঠাকুৰক তেওঁৰ পাণ্ডুলিপি 'আদিকাব্যিক'ৰ বাবে বিন্দুৰ ২০২৬ বৰ্ষৰ সাহিত্য বঁটা প্রদান কৰা হয়। উক্ত বঁটাত এখনি ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা-পত্ৰৰ লগতে কিতাপ প্রদান কৰা হৈছে।
আনহাতে, প্রতিখন শ্রেষ্ঠ পাণ্ডুলিপিকেই বিন্দু প্রকাশন গোষ্ঠীৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশ কৰি উন্মোচন কৰি লেখিকাৰ হাতত প্ৰদান কৰা হয়। লগতে উপন্যাসৰ পাণ্ডুলিপিত দ্বিতীয় আৰু তৃতীয় স্থান পোৱা নগাঁৱৰ মিনা বৰাক 'কুন্তিৰ আত্মকথা' আৰু আশদীপা শইকীয়াৰ 'নৈশব্দত ভালপোৱাৰ পৃথিৱী'ৰ বাবে, গল্প সংকলন পাণ্ডুলিপি প্রতিযোগিতাত তৃতীয় হিচাপে পল্লৱী ডেকাক 'অগ্নিস্নাতা', ছয়গাঁৱৰ পিংকু কলিতাৰ 'ওলোমা মানুহ' আৰু । তিনিচুকীয়াৰ পৰিস্মিতা বৰদলৈৰ 'তমসো মা জ্যোতির্গময়'ৰ বাবে আৰু প্ৰবন্ধ পাণ্ডুলিপিত যুটীয়াভাৱে ভুৱনেশ্বৰ নিৱাসী নিৰ্মালী মহন্তক 'কলিংগ নগৰী'ৰ বাবে, তামুলপুৰৰ জয়ন্ত দাসক 'জীৱন ডট কম', আৰু । তৃতীয় শ্রেষ্ঠ পাণ্ডুলিপি হিচাপে যুটীয়াভাৱে শিৱসাগৰ নিৱাসী অৰূপা নাথক 'সুন্দৰ জীৱনৰ চাবি কাঠি' আৰু দেৱযানি মহন্ত 'বিভাবন'ৰ বাবে গামোচা, সম্বর্ধনা, স্মাৰক আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হয়।
অনুষ্ঠান বন্তি প্রজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী আৰু নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্ছ ইন্সটিটিউটৰ চেয়াৰমেন গণেশ তামুলীয়ে। বন্তি প্রজ্বলনৰ লগে লগে বিন্দু স্মাৰ্টৰ কুঁহিমেলৰ শিশুসকলে এটি প্রার্থনা পৰিৱেশন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাদেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা। বিন্দু স্মাৰ্টৰ পৰিচালন সঞ্চালক মালবিকা চৌধুৰীয়ে আদৰণী ভাষণ দিয়া অনুষ্ঠানত একাদশ শ্ৰেণীৰ ছাত্ৰী দত্তই এটি গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।